Assamese funny - হাস্যকৰ 😂🤣😂

আজি আপোনালোকৰ বাবে  হাঁহিৰ খোৰাক দিয়া কেইটিমান বিষয় লৈ আহিছো । এইবোৰে আপোনাক অৰ্থনৈতিকভাৱে একো সহায় নকৰিলেও মানসিকভাৱে আনন্দ দিব । আজৰি সময়ত এইবোৰ পঢ়িলে মনটো অলপ ভাল লাগিব । গতিকে শেষলৈকে পঢ়ক ।







১) গাঁৱৰ ল'ৰা ভীমকান্তই চহৰ চাবলৈ গৈ
হোটেল এখনত কোঠা এটা ল’লে। কোঠাত,
সোমায়েই সি হোটেলত কেতিয়া কি খোৱা
দিব সেই বিষয়ে হোটেল মেনেজাৰক সুধিলে।
মেনেজাৰে ক'লে-- পুৱা ৭ বজাৰ পৰা ১১
বজালৈ পুৱাৰ জলপান, দুপৰীয়া ১২ বজাৰ
পৰা ৩ বজালৈ দুপৰীয়াৰ ভাত, ৪ বজাৰ পৰা
৬ বজালৈ আবেলিৰ চাহ আৰু গধূলি ৬
বজাৰ পৰা ৰাতি ৮ বজালৈ ৰাতিৰ ভাত দিয়া
হব। ভীমকান্তই আচৰিত হৈ মেনেজাৰক
সুধিলে-- পুৱাৰে পৰা ৰাতিলৈকে যদি
খোৱাতেই মোৰ সময় যায় তেনেহ’লে মই
ফুৰিম কেতিয়া?’ 😆😆😆


২) বাণ্টা সিং এবাৰ এখন হোটেললৈ গ’ল।
বয় এটাক মাতি বাণ্টাই ক’লে--- মোক আদা,
নিদিয়াকৈ চাহ একাপ দিয়া। বয়টোৱে ক’লে--
চাৰ, আমাৰ হোটেলত আদা নাই! আপোনাক
ইলাচি নিদিয়া চাহ একাপ দিলে হবনে?😂😂🤣



৩) কেইজনমান বিদ্রেশী পৰ্যটকক এখন
বন্যপ্ৰাণী অভয়াৰণ্য দেখুৱাবলৈ নিয়া হ'ল।
লগত যোৱা গাইডকেইজনে কৈ গ'ল--
বেছিভাগ পৰ্যটকে অভয়াৰণ্যলৈ আহিলে
অকণো সাৰ-সুৰ নোহোৱাকৈ গৈ থাকে যাতে
জন্তুবোৰে ভয় খাই আঁতৰি নেযায়। সেয়া
বৰ বিপজ্জনক হব পাৰে, কাৰণ তেনেদৰে
যাওঁতে প্রায়ে তেওঁলোকে বাঘৰ মুখামুখি
হয়। আৰু তাৰ ফলত বহুতো দুৰ্ঘটনা ঘটে।
তেনে ধৰণৰ ঘটনাৰ পৰা হাত সাৰিবলৈ
আমি পৰ্যটকসকলৰ কাপোৰত সৰু সৰু
টিলিঙা গাঁঠি লবলৈ পৰামৰ্শ দিওঁ যাতে
তেওঁলোক যোৱাটেো বাঘে গম পায়। তাৰোপৰি
বাঘ থকাৰ চিন পোৱা ঠাইত আপোনালোক
বেছি সাৱধান হব। বাঘৰ বিষ্ঠা দেখিলে
আপোনালোকে জানিব যে ওচৰতে ক'ৰবাত
বাঘ আছে।🤣🤣🤣

-কিন্তু বাঘৰ বিষ্ঠানো আমি কেনেকৈ
চিনি পাম?

---তেনেই সহজতে সেইবোৰ চিনি পাব।
যিবিলাক বিষ্ঠাত সৰু সৰু টিলিঙা দেখা
পাব-- সেইবোৰেই ৷😂😂🤣




৪) ঘৰত পতি-পত্নীৰ মাজত কাজিয়া
লাগিছে। গিৰিয়েকে খঙতে চিলিং ফেনত
ৰচী এডাল বান্ধি টুল এখনত উঠি ডিঙিত
চিপ লগাবলৈ সাজু হ'ল। এনেতে পত্নী আহি
তাত হাজিৰ হৈ ক'লে-- যি কবিবলগা আছে
সোনকালে কৰা।

তুমি মোক শান্তিৰে মৰিবলৈকো নিদিয়া
নেকি? --গিৰিয়েকে ক’লে।🤣🤣🤣😂

--তোমাক শান্তিৰে মৰিবলৈ মই মানা
কৰা নাই। মাত্র মোক সোনকালে টুলখন
আজৰি, কৰি দিয়া। মোৰ কাম আছে।🤣



৫) আনক নিৰ্বাচনৰ প্ৰাৰ্থী এজনে নিৰ্বাচনী
সভা এখনত ভাষণ দিবলৈ উঠাৰ আগতে
তেওঁৰ চেক্ৰেটৰিক সুধিলে - এই ঠাই
ডোখৰৰ ভোটাৰক মই কি আশ্বাস দিওঁ?

--চাৰ, এইডোখৰ খৰাং পীড়িত ঠাই।
ইয়াত আপুনি বৰষুণৰ আশ্বাস দিয়ক।😬😂😆



৬) ৰোগী :-  ডাক্তৰ চাহাব, মই বৰ দুখীয়া
মানুহ৷ আপোনাৰ ফিজকেইটা মই দিব
নোৱাৰিম। যদি আপুনি মোৰ চিকিৎসা বিনা
পইচাই কৰি দিয়ে, তেনেহ'লে ভৱিষ্যতে
আপোনাৰ কামো বিনা পইচাৰে কৰি দিম।

ডাক্তৰ :- কিন্তু তুমিনো কি কাম কৰা?

ৰোগী :- শ্মশান ঘাটত মৰাশ জ্বলাওঁ।😅😂😆



৭) পকৰিৰ গ্রাহকে হোটেল মালিকক
ক’লে-- খুড়া, পকৰি খাই কিন্তু ভাল
নেপালো ।

কথাবাৰ শুনি বুঢ়া হোটেল মালিকৰ খংউঠিল - বেটা , জানানে, মই তোমাৰ জন্মৰ
আগৰে পৰা পকৰি বনাই আছো।

--সেই কাৰণেইতো ! তেতিয়াই বনোৱা
পকৰি আৰু আজিলৈ ক’ত ভাল হৈ থাকিব?
--গ্ৰাহকে, ক’লে।
🤣🤗🤣

৮) দৰ্শনৰ অধ্যাপক এজনক লগৰ অন্য
বিভাগৰ অধ্যাপক এজনে সুধিলে-- হেৰি
বৰুৱা, শুনিছে আপোনাৰ বোলে যঁজা সন্তান
দুটি হৈছে ৷ ল’ৰা নে ছোৱালী।
- মই ভালকৈ কব নোৱাৰিম। সম্ভৱ
এটা ল'ৰা আৰু এজনী ছোৱালী । নহ’লে তাৰ
ওলোটাও হব পাৰে, অর্থাৎ এজনী ছোৱালী
আৰু এটা ল'ৰা। অধ্যাপক বৰুৱাই উত্তৰ দিলে।

😅😅😅

৯)  ডাক্তৰে ৰোগীক ক’লে-- তুমিতো
কৈছিলা, তোমাৰ বোলে পিঠিত সামান্য বিষ
এটি হৈছে। কিন্তু এতিয়া দেখিলো, তোমাৰ
বুকুৰ ধপ্‌ধপনিটোও বহু বেছি হৈছে।
- পিঠিৰ বিষটো আগৰে পৰাই আছিল।
বুকুৰ ধপধপনিটো অৱশ্যে বেৰত আঁৰি থোৱা
আপোনাৰ ফিজৰ পৰিমাণটো দেখিহে হৈছে।
--ৰোগীয়ে ক'লে।

😒🤣😒😛😒
১০) --কি হ'ল দোস্ত, ইমান মন মাৰি আছ যে?

- নাই ভাই, মই কিতাপ কিনিবলৈ বুলি
দেউতাৰ পৰা পইচা বিচাৰিছিলো। কিন্তু
দেউতাই কিতাপকে কিনি পঠিয়াই দিলে।

😋😋🥰

১১) দোকানত পছন্দৰ কাপোৰ বিচাৰি নাপাই
ভাগৰি পৰিছে মহিলা, লগত স্বামী।

স্বামী :-  আচৰিত! ইমান সময়ে তুমি এযোৰ কাপোৰ পছন্দ কৰিব নোৱাৰিলা ।

পত্নী :- তুমি মনে মনে থাকা, খৰখেদাকৈ তোমাক পছন্দ  কৰি ২২ বছৰে মই অনুতাপ
কৰি আছো ।

😂😅😆
১২) ৱেটাৰ (মেনেজাৰৰ প্রতি)-- চাৰ এই
মানুহজনে পেট ভৰাই খাই উঠি কৈছে বোলে
তেওঁৰ হাতত এটা পইচাও নাই।
মেনেজাৰ-- তেনেহ’লৈ তেওঁক
পিছফালৰ দুৱাৰেদি গতিয়াই বাহিৰ কৰি দে।
গ্রাহক :- পিছে আপুনি জানেনে নেজানে,
মই আপোনাৰ চহৰৰ এজন নামজ্বলা মানুহ ।
মেনেজাৰ :-  তেনেহ’লে আপোনাক
সন্মুখৰ মেইন দুৱাৰেদি গতিয়াই বাহিৰ কৰি
দিয়া হওক।
🤣🤣🤗


১৩) ৰোগী :- মই এজন ফাৰ্মাচিষ্টক
দেখুৱাইছিলো। তেওঁ...
ডাক্তৰ :- বুজি পাইছো। তেওঁ বোধহয়
আপোনাক ভাল পৰামৰ্শ নিদিলে।
ৰোগী :- নাই, সেইটো নহয়। তেওঁ
আপোনাক দেখুৱাবলৈ পৰামৰ্শ দিছিল।
🤣🤣🤣

পঢ়ি কেনেকুৱা পালে কমেণ্ট কৰিবচোন

Post a Comment

Fcbbcvv

Previous Post Next Post