চকুৰ যত্ন - Health Tips In Assamese - Assameseonlineorg

চকুৰ যত্ন  

চুকুযুৰিৰ সহায়ত আমি বাহ্যিক পৃথিৱীখন দেখা
পাওঁ৷ আমাৰ চৌপাশে থকা গছ-গছনি, পাহাৰ,
পৰ্বত, জীৱ-জন্তু, ঘটনা-পৰিঘটনা দৃশ্যমান হৈ
আমাৰ চকুত ধৰা দিয়ে। দৃশ্যকলা বস্তু এটাৰ
পৰাই আমি অভিজ্ঞতা লাভ কৰো। চকুযুৰি
মানুহৰবাবে অমূল্য সম্পদ।এয়া প্ৰকৃতিৰ আশ্চৰ্য
সৃষ্টি। মানুহৰ লাওখোলাৰ দুটি অস্থিময় গাঁতত
চকুযুৰি সংৰক্ষিত হৈ থাকে। চকুৰ তল আৰু
ওপৰৰ পতা দুখনে ধূলি-বালি, ঘাম আদিৰ পৰা
চকুযুৰিক ৰক্ষা কৰে। ইয়াৰ উপৰি এবিধ বিশেষ
ধৰণৰ ‘ৰসৰ দ্বাৰা চকুযুৰি অনবৰত সিক্ত হৈ
থাকে। এই ৰস চকু-গোলকৰ বৰ্হিভাগৰ ওপৰৰ
অংশত অৱস্থিত অশ্ৰু গ্ৰন্থিৰ পৰা ধীৰে ধীৰে
নিৰ্গত হৈ থাকে। চকুৰ পতা লৰচৰ কৰিলেই
এই ৰস চকুৰ সকলো অংশলৈ সমানভাবে বিয়পি
পৰে। ইয়াৰ বাবে চকুৰ বাহিৰৰ অংশ পৰিচ্ছন্ন
হৈ থাকে।



চকু (Eye)ৰ যতন কেনেকৈ ল'ব পাৰি  :-  

* দিনত  দুবাৰ-তিনবাৰকৈ পৰিষ্কাৰ পানী চকুত মাৰিব ।
* আনে ব্যৱহাৰ কৰা ৰুমাল বা টাৱেল ব্যৱহাৰ
কৰিব নালাগে।
* চকুত ধূলি বা আন কিবা পৰিলে আঙুলি বা
কাপোৰেৰে মচি উলিওয়াৰ চেষ্টা কৰিব নালাগে।
পৰিষ্কাৰ পানীৰে চকুযুৰি ধুই পেলাব লাগে।
* চকুত কিবা বস্তু পৰিলে নিজে উলিওৱাৰ
চেষ্টা কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে চকুত
এটোপাল কেষ্টৰ অইল দি লাহেকৈ চকুযুৰি বন্ধ
কৰি চিকিৎসকৰ ওচৰলৈ যাব লাগে।

আপোনাৰ চকুজুৰিৰ কিদৰে যত্ন ল'ব জানো আহক   

১) কামৰ প্ৰকৃতি অনুসৰি পোহৰৰ ব্যৱস্থা কৰিব ।
স্কুলত উপযুক্ত পোহৰৰ ব্যৱস্থা, কিতাপ আৰু চকুৰ
মাজত যাতে নিৰ্দিষ্ট দূৰত্ব থাকে,এইবোৰলৈ নজৰ
ৰাখিব। লেখা-পঢ়া কৰাৰ সময়ত যাতে পোহৰ
বাঁওদিশৰ পৰা আহে তালৈ মন কৰিব।চকু আৰু
পঢ়া কিতাপৰ দূৰত্ব ৩০ ছেন্টিমিটাৰৰ পৰা ৩৫
ছেন্টিমিটাৰৰ ভিতৰত হ'ব লাগে।

২) কিতাপৰ ছপা যাতে সুদৃশ্য হয়, তাৰ প্রতি
মনযোগ দিব।চকচকীয়া আৰ্ট পেপাৰে যাতে চকুত
প্রতিফলনৰ সৃষ্টি নকৰে তাৰ প্রতি লক্ষ্য ৰাখিব।



৩) ভিটামিন ‘এ’ আৰু বি’ থকা আহাৰ খাব।



৪) চকুৰ দৃষ্টিৰ কেন্দ্ৰ বিচ্যুতিৰ দোষ আঁতৰাবৰ বাবে চশমা ব্যৱহাৰ কৰিলে---

(ক) ক্ষীণ দৃষ্টিৰ প্ৰতিকাৰ কৰে।

খ) চকুৰ ক্লান্তি নোহোৱা কৰে।

গ) কেঁৰা দোষ আঁতৰ কৰে। '

ঘ) চশমা অবিহনে কৰিব বিচৰা কামটো সহজে
কৰিব পাৰি।

৫) নিৰ্দিষ্ট সময়ৰব্যৱধানতচশমাৰ পাৱাৰ পৰীক্ষা :
কৰাব।

৬) আনে ব্যৱহাৰ কৰা চশমা ব্যৱহাৰ নকৰিব।


৭) চিকিৎসকৰ পৰামৰ্শ অবিহনে আইড্ৰপ বা
আন ঔযধ ব্যৱহাৰ নকৰিব।

Post a Comment

Fcbbcvv

Previous Post Next Post