Jokes In Assamese | হাঁহক কেৱল হাঁহক😅😂

১) কণটিলৌ :- মনমোহন সিঙে ৰাতিপুৱাৰ
বদলি গধূলিহে খোজ কাঢ়ে? কিয় জাননে বাৰু?
কণপিতৌ :- নাজানো। তয়ে কচোন।
কণটিলৌ :- কাৰণ মনমোহন সিং পি.এম।
তেওঁ এ.এম. নহয় সেইবাবে।
                   😆😅😅 🤣😅😂
২)হাঁহিৰাম :- আজি বাসন্তীক গা ধুই থাকোতে
দেখিলো।
জয়ৰাম  :- চাল্লা, কি কৈছ তই। আজি মই
তোৰ ডিঙি মুচৰি পেলাম। অসভ্য!
হাঁহিৰাম :- ধেৎ। ইমান চেণ্টি নেফালিবি।
মই নদীত গা ধুই থাকোতে তোৰ ডাৰ্লিং
বাসন্তীক ৰাস্তাৰে গৈ থকা দেখিছিলো অ’।
               🤣😂🤣😅😂😂😂
৩) নবীন :- কাণেৰে নুশুনা মানুহ এজনক কি
বুলি কবি?
নৰেন :- কাণেৰে নুশুনে যেতিয়া, যি মন
যায় তাকে ক’ব পাৰি।
                🤣🤣🤣😂😂😂😂
৪) উকীল :- গীতাৰ ওপৰত হাত ৰাখি কওক...
অভিযুক্ত :- বাপ্ৰে,নমস্কাৰ মহাশয়।সীতাৰ
ওপৰত হাত দিলো, অথন্তৰ হৈ কোৰ্ট পাইহোহি।
এতিয়া আকৌ গীতাৰ ওপৰত হাত দিলে পোনে
পানে জেইললৈ যোৱাৰ বাট মুকলি হ'ব।

                   😅😁😁😆😆😅😅

৫) ৰোগী :- ডাক্তৰ চাহাব, মোৰ এটা অদ্ভুত ৰোগ হৈছে।

ডাক্তৰ :- কওকচোন কেনে ৰোগ?
ৰোগী :- সৰু কথাতে মোৰ খং উঠে। মানুহক গালি-শপনি পাৰি দিওঁ।
ডাক্তৰ :- কথাবোৰ ভালদৰে খুলি কওকচোন?
ৰোগী :- চাল্লা হাৰামজাদা, একেটা কথাকে আৰু কিমান খুলি ক'ব লাগে ? ইয়াৰ পিছত আৰু চিকিৎসাৰ বাবে ইয়ালৈ নাহো । 
                     😅😅😅😅😅😅
৬) জয়কান্ত :- ভাৰতবৰ্ষত পোষ্টমেন যে আছে
পোষ্ট ৱ’মেন কিয় নাই অ’ হৰকান্ত।
হৰকীন্তঃ তেওঁলোক বহুত এলেহুৱা। কাৰণ
তেওঁলোকে ডেলিভাৰীত ন মাহতকৈও বেছি
সময় লৈ পেলায়।
                   😅😅😅😁😂😅😅
৭) প্রশ্ন :- বিয়াৰ ভৱিষ্যত কাল কি?
উত্তৰ :- বিচ্ছেদ...।
                   😆😅😅😅😂😆😅

৮) হাঁহিৰামক উদ্দেশ্যি ঘৈণীয়েক মালতীয়ে
ক’লে--
:- তোমাক খবৰ এটা দিম, তাৰ আগতে
কোৱা, খবৰটো শুনি তুমি যেন মোক নামাৰা।
হাঁহিৰাম :- নামাৰো দিয়া, মোৰ কলিজা।
এতিয়া তোমাৰ ভাল খবৰটো কোৱা।
মালতী :- মই ‘মা’ হ’বলৈ ওলাইছো।
হাঁহিৰাম :- আৰে’ এয়াতো আনন্দৰ কথা।
মালতী :- তাকেতো! বিয়াৰ আগতে এই
একেষাৰ কথাকে পাপাক কওঁতে মোক খুউব
মাৰিলে জানা।
হাঁহিৰাম :- হাঁ, কি ক’লা?
           😂😂😅😅😅😅😅😂😂😂

৯) পত্নী :- (স্বামীৰ প্ৰতি) হেৰা,এই ৰ’জী কোন
হে ?
স্বামী :- অ’ ৰ’জী! সেইটো মই কিনিব
খোজা কুকুৰজনীৰ নাম।
পত্নী :-  হয় নেকি? আজি গোটেই দিনটো
সেই কুকুৰজনীয়ে তোমাক বিচাৰি দহবাৰমান
ফোন কৰি আছে।
            🤣🤣🤣🤣🤣🤣🤣😅😂

Post a Comment

Fcbbcvv

Previous Post Next Post