ভগৱত গীতাৰ মহান উপদেশ | বিপদৰ সময়ত ভগৱান শ্ৰী কৃষ্ণৰ এই গিটা কথা সদায় মনত ৰাখিব

 শ্ৰীকৃষ্ণই হৈছে এই সমগ্ৰ সৃষ্টিৰ এজন Motvational Speaker । তেওঁ উপহাৰ দিয়া ভগৱত গীতাৰ উপদেশ অনুসৰণ কৰি যিকোনো ব্যক্তিয়ে জীৱনত সকলো পাব পাৰে , যি তেওঁ ইচ্ছা কৰে । সেয়া সুখৰ বাবে, সফলতাৰ বাবে অথবা নিজৰ জীৱনটো অতি সুখৰ কৰিবৰ বাবে হ'ব পাৰে । ভগৱত গীতাতকৈ দ্বিতীয়তকৈ মহান গ্ৰন্থ আৰু নাই । গতিকে সেই ভগৱত গীতাৰ উপদেশ সমূহ তলত উল্লেখ কৰা -


১) এই পৃথিৱীত কোনো কাৰণ নোহোৱাকৈ ভাল বা বেয়া হ'ব নোৱাৰে । এই পৃথিৱীত যি ঘটনাই নঘটক কিয় প্ৰত্যেকটোৰে এটা কাৰণ থাকে । সেয়া ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে  ।

২) আপুনি কোনো এক সময়ত কোনো এক পৰিস্থিতিত কোনো কাম নকৰাকৈ বা তাৰ ফল নোপোৱাকৈ থাকিব নোৱাৰে । এনেকুৱা হ'বই নোৱাৰে যে মানুহৰ শৰীৰটো ১ ছেকেণ্ডো কাম নকৰাকৈ থাকিব পাৰে । এনেকুৱা হ'বই নোৱাৰে পূথিৱীৰ এটি ক্ষুদ্ৰ প্ৰাণীয়ে একো কাম নকৰাকৈ থাকিব পাৰে । কাম বা কৰ্ম কৰাটো আমাৰ জীৱনৰ অভিন্ন অংগ । আমি যেতিয়া শুই থাকো আমাৰ মগজু কিন্তু নোশুৱে । আমি সপোন দেখো । আমি উশাহ নিশাহ লই থাকো । শৰীৰৰ সকলো কোষে নিজৰ কামত ব্যস্ত থাকে । আমি কাম নকৰাকৈ বাচি থাকিব নোৱাৰো । আমি যিকোনো কাম এনেকৈ মানি লৈ কৰিব লাগে যে যি কৰিছো সেয়া মই কৰা নাই সেয়া ভগৱানে হে কৰিছে ।  

৩) আনৰ গোলাম বা অধীনত কাম কৰি সুখ উপভোগ কৰাতকৈ স্বাধীনভাৱে নিজৰ দোষ কষ্ট বা সমস্যাবোৰৰ সন্মুখীন হোৱা উচিত । আপোনাৰ জীৱনত যিমানেই দুখ কষ্ট বা কঠিন পৰিস্থিতি নাথাকক কিয় যদি আপুনি স্বাধীন হয় তেতিয়াহে বাস্তৱত এজন মানুহ হয় ।  ভগৱত গীতাত গোলামীক নৰকৰ যাতনাতকৈও বেয়া বুলি কয়ছে । মৃত্যুকৈও বেয়া বুলি কইছে । মানুহ কাৰ কাৰ গোলাম নহয় বা অধীন নহয় । আজি মানুহ ফেচবুক, হোৱাতচাপৰ গোলাম বা স্মাটফোনৰ গোলাম  । কৰবাত নহয় কৰবাত আনৰ গোলাম হৈ কাম কৰি আছো । আনৰ অধীন হৈ কাম কৰি আছো । আনৰ সংগ লোৱা আৰু আনৰ তলত কাম কৰাৰ মাজত এটা পাতলীয়া ৰেখা আছে । আৰু যদি আপুনি ৰেখাডালৰ লাইনৰ ইটো পাৰে গুচি গ'ল, তেন্তে বুজি ল'ব আপুনি কাৰোবাৰ গোলাম হৈ ঘগ'ল । আৰু সেই ৰেখাডালেই হৈছে আত্ম সন্মান ।যেতিয়ালৈকে মানুহে আত্ম সন্মান বজাই ৰাখি কাম কৰে তেতিয়ালৈকে সেই মানুহ স্বাধীন হৈ থাকে আৰু যেতিয়া কোনো ব্যক্তিয়ে আত্ম সন্মান ৰক্ষা কৰিব নোৱাৰে , তেতিয়াৰ পৰা তেওঁৰ জীৱনটো সমস্যাৰে ভৰি পৰে । আৰু তেওঁ আনৰ অধীন হৈ কাম কৰিবলৈ বাধ্য হৈ পৰে । সেয়েহে আনৰ অধীনত কাম কৰি সুখী হোৱাত কৈ নিজৰ সমস্যাবোৰৰ সন্মুখীন হোৱা উচিত  ।

৪) বাসনা, ক্ৰোধ, লোভ এই তিনিটা হৈছে নৰকৰ দুৱাৰ । কোনো উদ্দেশ্য নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰো । সেই উদ্দেশ্য পূৰণৰ বাবেই আমাৰ মনত বাসনা জন্মাটো অতি প্ৰয়োজন । যদি সেই উদ্দেশ্য কেৱল নিজৰ মাজতে সীমাবদ্ধ থাকে আৰু আপোনাৰ উদ্দেশ্যৰ বাবে আনৰ কি খতি হৈছে তাৰ কোনো যদি পাৰ্থক্যই নাথাকে  তেন্তে সেই উদ্দেশ্যৰ পৰা উদ্ভৱ হোৱা বাসনাই আপোনাক বহুত দুখ দিয়া আৰম্ভ কৰিব  । কাৰণ কেতিয়াবা নহয় কেতিয়াবা তাৰ ফল ভোগ কৰিবই লাগিব ।
  ক্ৰোধ হ'ল ব্যক্তি মানসিক ভাৱে দুৰ্বল হোৱাৰ  ডাঙৰ প্ৰমাণ । যি মানুহ যথেষ্ট খঙাল সেই মানুহ দুৰ্বল । 
    গতিকে বাসনা, খঙ, লোভ এই কেইটা নৰকৰ দুৱাৰ । ইয়াক নৰক।মানে মৃত্যুৰ পিছত পোৱা নৰকৰ কথা কোৱা হোৱা নাই । নৰকৰ লেখীয়া জীৱন মৃত্যুৰ পিছত পোৱা নৰকতকৈও ভয়ানক ।


৫)  মানুহৰ যেতিয়া জন্ম হয় তেতিয়া উলংগ হৈ জন্ম হয় আৰু যেতিয়া মৃত্যু হয় তেতিয়াও তেনে অৱস্থাতে সৎকাৰ কৰা হয় । আপোনাৰ মোৰ লগত কোনো নাযায় । কাকো লই যাব নোৱাৰো আমি । জন্মৰ পিছত আপুনি জীৱনত যিবোৰ পাইছে সেইবোৰ জন্মৰ আগত কাৰোবাৰ আছিল । আৰু যেতিয়া আপুনি এই পৃথিৱীৰ পৰা বিদায় মাগিব এই সকলোবোৰ আন কাৰোবাৰ হে হ'ব । যি টকা-পইচা আজি আপোনাৰ ওচৰত আছে, কাইলৈ সেইবোৰ অইন কোনোবাই পাব । আৰু এইয়াই সৃষ্টিৰ নিয়ম । আৰু এইয়াই ভগৱত গীতাৰ আটাইতকৈ ডাঙৰ উপদেশ ।

 

Post a Comment

Fcbbcvv

Previous Post Next Post