অসমীয়া সাধু কাহিনী | নতুন অসমীয়া গল্প |Assamese Story (Part-1)

             অসমীয়া প্ৰেৰণাদায়ক কাহিনী

                   সোণালী আৰু ৰুপালী 




অসমীয়া সাধু কাহিনী

এখন দেশৰ ৰাজকোঁৱৰে দিনৰ দিনটো চিকাৰ কৰাৰ অন্তত তেওঁ ক'লা ঘোঁৰাজনীৰ পিঠিত উঠি ঘৰলৈ ঘূৰিছিল। ঘোঁৰাজনীক পানী খুৱাবলৈ বুলি এটা নিজৰাৰ ওচৰলৈ লৈ গৈ ঘোঁৰাজনীক পানী খাবলৈ দি ৰাজকোঁৱৰে ঘোৰাজনীলৈ চাই আছে। ঘোঁৰাজনীয়ে পানী খাই থাকোতে ৰাজকোঁৱৰে নিজৰাত তেওঁ আৰু ঘোঁৰাজনীৰ ছাঁ দেখা পালে। নিজৰাটোত সোণালী আৰু ৰূপালী চুলি উটি অহাওদেখা পালে ৰাজকুমাৰে।


ৰাজকুমাৰে ভাবিলে, নিশ্চয় নিজৰাৰ উজনিৰ ফালে সুন্দৰী নাৰীসকলে গা ধুইছে। তেওঁলোকৰ মূৰত নিশ্চয় সোণালী আৰু ৰূপালী চুলি আছে। ৰাজকুমাৰে হাউলি চুলিডাল বুটলি ল’লে। চুলিডাললৈ চাই চাই ৰাজকুমাৰে ভাবিলে, ‘ইমান ধুনীয়া চুলিৰ গৰাকীণীও চাগৈ কিমান সুন্দৰী হ’ব!’ তেওঁ ভাবত বিভোৰ হৈ পৰিল। ৰাজকুমাৰে নিজৰ পাগুৰীত চুলিডাল গুজি লৈ ঘোঁৰাজনীৰ পিঠিত উঠি প্রাসাদলৈ উভতিল।

ৰজাৰ ৰাজপ্রাসাদত ৰাতি খোৱাৰ সময় হ’ল। ইফালে ৰাজকোঁৱৰৰ দেখা দেখিয়েই নাই। চাৰিওফালে বিচাৰ-খোচাৰ কৰা হ’ল, ৰাজকোঁৱৰৰ সন্ধান পোৱা নগ'ল । ৰাণীয়ে লিগিৰা লিকচৌবোৰক প্ৰাসাদৰ কোঠাই কোঠাই বিচাৰিবলৈ পঠিয়ালে ।"

 
এজনী লিগিৰীয়ে অলপ চেনি আনিবৰ বাবে ভঁৰাল ঘৰলৈ সোমাই দেখিলে, ৰাজকৌৱৰ দেখোন মজিয়াতে উবুৰি হৈ শুই আছে। লিগিৰীজনীয়ে এৰিব খোজোতেই ৰাজকুমাৰে ক’লে, ‘কাৰোবাক মাতিলে তোৰ প্রাণ নাথাকিব।’ কথাতে কয়, মাইকী মানুহ মাত্ৰেই বতাহ, কোনো কথা গোপনে নোৱাৰে। লিগিৰীয়ে ৰাণীক সকলো কৈ দিবগৈ পাৰে বুলি ৰাজকোঁৱৰে সাৱধান বাণী শুনালে। ইফালে ৰাণীয়ে লিগিৰা-লিগিৰীবোৰক গালি-শপনি দি ভঁৰাল ঘৰৰ ফালেই আহিছে। কৈছে, ‘তহত সকলোবোৰ এলেহুৱা তাৰ পিছত হঠাৎ ৰাজকোঁৱৰ শুই থকা দেখি ৰাণীয়ে কৈ উঠিল, 'চাহঁতচোন, ইয়াত কোন শুই আছে? কি হৈছে বাছা? মাটিত পৰি আছা কিয়? কিহৰ দুখ? কোনোবাই কিবা অপমান কৰিছে নেকি? তোমাক যি অপমান কৰিছে, জিভা ছিঙি পেলাম। তোমাৰ গাত কোনোবাই হাত তুলিছে নেকি? তাৰ হাত কাটি পেলাম। কি হৈছে কোৱাঁ। উঠা, ধূলি জোকাৰি উঠা’ কুমাৰ উঠি বহিল। পাগুৰীৰপৰা সেই সোণ আৰু ৰূপৰ চুলিদাল উলিয়ালে। ৰাণীক চুলিডাল দেখুৱাই ক'লে, এই সোণালী আৰু ৰূপালী চুলিৰ ছোৱালীকেইজনীক বিয়া কৰাম।’ ৰাণীয়ে ক’লে, ‘অ’ উৰহী গছৰ ওৰ ক'ৰবাত। সেই ছোৱালীকেইজনী
যতেই নাথাকক, আমি তাইক বিচাৰি উলিয়ামেই।’
“মোক কেৱল এনেকুৱা চুলিৰ ছোৱালীকেইজনীক লাগিব’। হ'ব বাছা, সিহঁতকে তুমি পাবা। ৰাণীয়ে কুমাৰক সান্ত্বনা দিবৰ বাবে তেনেদৰে ক'লে হয়, কিন্তু তেওঁৰ ভঁৰালঘৰৰপৰা ওলোৱাৰ সময়ত তেওঁৰ মূৰ ঘূৰাইছিল, ভৰি কঁপিছিল। 



দূত ৰাজধানীলৈ দৌৰিলে । দূতে আলিবাটে আলিবাটে ঢোল বজাই জনাই দিলে, কালিলৈ ৰাতিপুৱা নগৰৰ প্ৰতিগৰাকী ছোৱালী যাতে প্ৰাসাদ-প্ৰাংগনলৈ যায় । যোৱাৰ সময়ত কাৰো মূৰত যাতে ওৰণী নাথাকে।



পিছদিনা ৰাতিপুৱা প্ৰাসাদৰ সমুখত ছোৱালীবোৰে দীঘল শাৰী পাতি থিয় হ’ল। ৰাজকোঁৱৰে সকলোবোৰ ছোৱালীকে তন্ন তন্নকৈ চালে। নাই, কাৰো মূৰৰ চুলিয়েই তেওঁৰ হাতত থকা চুলিৰ দৰে নহয়। হঠাৎ দেখিলে, প্ৰাসাদৰ ভিতৰমহলৰ বাৰান্দাত দুজনী ছোৱালী বহি আছে। এজনীৰ চুলি সোণালী বৰণৰ আৰু আনজনীৰ চুলি ৰূপোৱালী বৰণৰ।


ৰাজকুমাৰে ৰাণীক মাতি, ছোৱালী দুজনীলৈ দেখুৱালে ৷ ৰাণী বজ্ৰপৰা মানুহৰ
দৰে থৰ লাগিল। তথাপি কোনোমতে ক'লে, ‘হায় ভগৱান! সিহঁত তোমাৰ ভনীয়েৰা। সোণালী আৰু ৰূপালী। ৰাজকুমাৰৰ মুখখন শেঁতা পৰি গ’ল। তথাপি তেওঁ নিজৰ জেদ নেৰিলে। ক’লে, ‘সিহঁত যিয়েই নহওক, সিহঁতকেই মই বিয়া কৰাম! নহ’লে দেশ এৰি ব’ৰাগী হৈ যাম।’


ৰজাইও আহি কুমাৰক বহুতো বুজালে-বঢ়ালে। আত্মীয়-স্বজন, গুৰুজন, মন্ত্ৰীসকল সকলোৱেই বুজালে। ৰাণীয়ে হাতযোৰ কৰি কত মিনতি কৰিলে, তথাপি ৰাজকোৱৰে বিচৰাটো লাগিবই। সেয়ে বিয়াৰ যা-যোগাৰ আৰম্ভ হ’ল। সেউজীয়া বাহৰ খুঁটাত পাটৰ কাপোৰ তৰি বিশাল মণ্ডপ তৈয়াৰ কৰা হ’ল। মুখে মুখে বিয়াৰ কথা বিয়পি পৰিল।



সোণালী আৰু ৰূপালীয়েও সকলো জানিব পাৰিলে। আতংকত তেওঁলোকৰ মুখৰ মাত হেৰাল। মুখ কেঁহেৰাজ বৰণৰ হৈ পৰিল, চকুপানীৰে উপচি পৰিল। যিখন নদীৰ ঘাটত তেওঁলোকে গা ধুইছিল, সেইখন নদীৰ পাৰত এজোপা চন্দন গছ আছিল। সৰুৰেপৰা দুয়োজনী বায়েক-ভনীয়েকে সেই গছজোপাত পানী দি আহিছে, আপডাল কৰি আহিছে। সিহঁতৰ সৈতেই গছজোপা লহপহকৈ বাঢ়ি
আহিছে। এতিয়া গছজোপা বিশাল। বিয়াৰ দিনা সোণালী আৰু ৰূপালী চন্দন গছজোপাত উঠি ডাল-পাতৰ মাজত লুকাই থাকিল। বিয়াৰ লগ্ন আগুৱাই আহিছে। প্ৰাসাদৰ লিগিৰীবোৰে বিচাৰি পালেহি তেওঁলোকক। লিগিৰীবোৰে কিমান মিনতি
কৰিলে, তথাপি তেওঁলোক নামি নাহিল।

শেষত, স্বয়ং ৰজা আহি ক’লেহি, "‘নামি আহা, নামি আহা আমাৰ জীয়ৰী সোণালী আৰু ৰূপালী। বিয়াৰ লগ্মৰ বাবে যে হৈছে বেলি। সোণালী আৰু ৰূপালীয়ে ক’লে, বা বুলি। কেনেকৈনো আমি তোমাক মাতিম শহুৰ বুলি !’ ‘অ’চন্দন গছ ! যোৱা,আৰু ওপৰলৈ গৈ থাকা!’ চন্দন গছজোপা সৰসৰকৈ বাঢ়ি ওখ হৈ পৰিল। সোণালী আৰু ৰূপালী এতিয়া বহু ওপৰত ! ৰাজপৰিয়ালৰ সকলোৱেই আহি তেওঁলোকক মাতিলেহে মাতিলে। তেওঁলোক নামি নাহিল।
কোনোবা এজনে মতাৰ লগে লগে গছৰ আগটো আকাশলৈ উঠি যায়, সোণালী আৰু ৰূপালীও মাটিৰপৰা বহু দূৰলৈ কোনেও চুব নোৱাৰা উচ্চতালৈ উঠি যায়।

অৱশেষত কোঁৱৰ নিজেই আহিল তেওঁলোকক মাতিবলৈ।‘নামি আঁহা’ সোণালী ,
নামি আহা ৰূপালী আমাৰ যে বিয়াৰ লগন আহিছে ওচৰ চাপি ৷”

তেওঁলোকে ক’লে, ‘ককাইদেউ, ককাইদেউ, চিৰকাল তোমাক বুলিছো ককাইদেউ এতিয়ানো তুমি কেনেকৈ হ’বা মাতো বঙহৰদেউ?’ হেৰা চন্দন গছ। উঠা, আৰু ওপৰলৈ উঠা ৷’ হঠাৎ, আকাশখন ধুৱলী-কুঁৱলী
হৈ পৰিল। গাজনি-ঢেৰেকণিৰে চাৰিওফালে আতংকময় পৰিস্থিতিৰ সৃষ্টি হ’ল।হঠাৎ চন্দন গছজোপা মাজতে ফাটি ট গ’ল। সোণালী আৰু ৰূপালীক গছজোপাই
ভিতৰত মুমুৱাই ল’লে। ৰাজপৰিয়ালৰ সকলোৰে চকুৰ আগতে সোণালী আৰু
ৰূপালী গছৰ কোলাত মিলি গ'ল।
 

#অসমীয়া জমনি কাহিনী
#নতুন অসমীয়া গল্প

  
   
  


   

1 Comments

Fcbbcvv

Previous Post Next Post