Assamese Story | অসমীয়া গল্প কাহিনী

আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ অসমীয়া গল্প লৈ আহিছো । এই Assamese Story টো পঢ়ি কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব ।



বৰষুণৰ ৰেলগাড়ী




মাজনিশা কিবা এটা শব্দত সাৰ পাই উঠিল কুঁহি। ক'ৰবাত যেন কিবা এটা ঘটিছে। যেন ভূমিকম্পত পৃথিৱীখন চিৱালফাট দিছে, লাইনচ্যুত হৈ ৰেলগাড়ী এখন দ খাৱৈত বাগৰি পৰিছে,ফেনে-ফোটোকাৰে বৈ অহা নদীখনে ঠিক নিমাই পাগলীৰ দৰে ৰাউচি জুৰিছে। ভয়ত বিতত হৈ মানুহবোৰ পলাইছে যেনি-তেনি। ওহো, ভবাৰ দৰে একো অঘটন ঘটা নাই। মাজনিশাৰ নিস্তব্ধ পৃথিৱী। নিদ্ৰাদেৱীৰ কোলাত মানৱ সমাজ। সাৰে আছে তাই : আৰু উদাস আকাশখনি। তাই বিচনাৰ পৰা উঠি গৈ খিড়িকীখন খুলি দিলে।বাহিৰত দবাপিটা বৰষুণ। যেন ঝক্‌ ঝক্‌ কৰি এখন ৰেলগাড়ী আহি আছে । এক দূৰন্ত গতিৰে যেন গুচি যাব কোনোবা ঠাইলৈ। তাই ভাবিলে ওপৰৰ মহলত চাগৈ মালিক হুচেইন খুড়া আৰু ‘মেডাম’ নিবিড়তাত ডুব গৈ আছে, কোনোবা গিৰিহঁতৰ ঘৰত মাকে চাগৈ চকুলো টুকি শুই আছে, ঘৰত বাপেকে ভাঙৰ চিলিমটো থৈ বাঁহৰ বিচনাখনত বাগৰ সলাইছে। 

সৰু ভাইটিটোৱে সপোনতে চাগৈ মা-মা বুলি চিঞৰিছে। সাৰে আছে তাই। এদিন তাক কোলাত তুলি তাই যে কৈছিল ‘নাকান্দিবি, নাকান্দিবি সৌ জোনবাইটোৰ ওচৰলৈ তোক লৈ যাম। জোনবাইৰ সৈতে তই খেলিবি, তাৰবাবে তহঁতক ধুনু ধুনু বস্তু দিব। মই লৈ যাম দেইবা। বৰষুণ পৰা সময়ত তাৰ সৈতে পতা কথাবোৰে বাৰে বাৰে বুকুৰ মাজত সীমাহীন ঢৌৰ সৃষ্টি কৰে। এখন কাগজৰ নাৱৰ দৰে এই অনুভূতিবোৰ উটি যায় দূৰ দিগন্তলৈ। ইজাকৰ পিছত সিজাকলৈ বৰষুণ আহি আছে। মাজনিশা ষ্টীট লাইটৰ পোহৰবোৰে মনোৰম কৰি তুলিছে জয়াল নিশাটো ৷ খোলা খিড়িকীৰে তাই হাত দুখন বাহিৰলৈ উলিয়াই এচলু পানী আনিলে ।বৰষুণজাকে কাণে কাণে তাইক ক’লে, ‘চোৱা কুঁহি, তুমিটো অকলশৰীয়া নহয়। তোমাৰ দৰে উজাগৰী নিশা পাৰ কৰা দীন-দুখীয়াসকলৰ বুকুত অকণমান ৰঙীন সুবাস সানিবলৈয়ে মই নামি আহো বসুন্ধৰাৰ বুকুৰলৈ। মই বৰষুণ । মোৰ নিজস্ব ইতিহাস আছে, আছে নিজস্ব জন্মকালৰ স্বপ্নীল ঠিকনা । যেতিয়া আকাশৰ শূন্যতাত উদাস মনে বহি চাই ৰওঁ পৃথিৱীৰ সনাতন সেউজীয়া আৰু তেতিয়াই নামি আহো এটা সমদল হৈ। তৃষ্ণাতুৰ পৃথিৱীৰ আমন্ত্ৰণক মই কেতিয়াও উপেক্ষা কৰা নাই। 

তথাপি জানো মই সুখী ? ইন্দ্ৰৰ ৰাজসভাত বৰুণ দেৱতাৰ হাতৰপৰা মৰ্ত্য গংগাৰলৈকে মইতো বহন কৰি আহিছো অলেখ দুখ। দুখবোৰ মে আজন্ম সংগী । তথাপি মই সুখী। কিন্তু তুমি... ? হয়, মই জানো সুখী ? অহৰহ মই ভোগ-বিলাসৰ বোকোচাত উঠি ঘূৰি ফুৰিছো। তথাপি মই জানো সুখী? ক'ৰবাত যেন বৰষুণজাকৰ সৈতে মোৰ মিল আছে । নাৰীবোৰ বৰষুণ নেকি? দুখ আৰু সুখৰ সংমিশ্ৰণেৰে গঢ় লয় বৰষুণবোৰ ৷ সৃষ্টিৰ সনাতন সেউজীয়া বাবেইতো নাৰী। নাৰী অবিহনে সৃষ্টি জানো সম্ভৱ ? ঠিক সেইদৰে সৃষ্টিৰ বাবেতো বৰষুণ । তথাপি আজি নাৰী অৱহেলিত । মাজনিশাৰ জয়াল পৃথিৱীৰ কোনোবা অচিন পক্ষীৰ কূজনে কুঁহি ভিতৰৰ মানুহজনীক শিয়ৰাই তুলিছে। ‘মা’, তোমাৰ বাৰু এই দূৰ্ভগীয়া ‘জী’ জনীলৈ মনত নপৰেনে ? জীৱনৰ আদিম পূৱাতে অন্তৰৰ নিভৃত কোণৰ পৰা ওলাই অহা এটি মৰমলগা শব্দ "মা" পৃথিৱীতকৈ সুন্দৰ শব্দ । সেইবাবে নেকি কোনোবা ... কবিয়ে কৈছিল, আই সমান হ'ব কোন, নৈ সমান ব’ব কোন? তোমাৰ প্রতিটো অনুভৱে মোক অস্থিৰ কৰি তোলে। জীৱন নদীত ঢৌ আহে, চাকনৈয়া আহে আৰু সেই চাকনৈয়াত এখন হৃদয়ৰ ৰক্তাভ ঠিকনাই জুৰুলা কৰে মোক। 

যন্ত্ৰণাই কোঙা কৰা পৃথিৱীত এটা শামুকৰ খোলাৰ ভিতৰত কুছি-মুছি সোমাই বাহিৰৰ পৃথিৱীখন চাওঁ। জীৱনৰ অন্তিম পৰাজয়। জন্মৰ পিছৰে পৰা আৰম্ভ হয় জীৱন। এই মহাশূন্যতে জীৱনৰ আৰম্ভ আৰু মহাশূন্যতে শেষ হয় জীৱন। 

তাৰ মাজতে আৰম্ভ হয় সংঘাতৰ দাৱাগ্নি। সহ্যাতীত নিদাৰুণ অত্যাচাৰ আৰু পদে পদে পৰাজয়ৰ গ্লানিৰে জীৱন জৰ্জৰিত হোৱাৰ পিছতো আমি জীয়াই থাকিব বিচাৰো এমুঠি আশাত । তুমি নিজে নাৰী হৈ মোক গৰ্ভত ধাৰণ কৰিছিলা মা। প্রথম বাৰলৈ ‘মা’ হৈ তুমি চাগৈ আনন্দৰ সীমাহীন সাগৰত সাঁতুৰিছিলা। যদিও তোমালোকৰ দৰিদ্ৰতা ঘৰখনত খাবলৈ এমুঠি অন্ন নাছিল, লজ্জা ঢাকিবলৈ বল্কৰ সদৃশ বস্ত্ৰ নাছিল, ৰাতি আকাশৰ তৰাবোৰ ৰ’দ, বৰষুণবোৰৰ সৈতে সতীৰ্থ হৈ পাৰ কৰিছিলো সময়বোৰ। ভাবিছিলো মই 'দীপ’ হ'ম। কিন্তু ভাগ্য বিড়ম্বনাত মই ‘কুঁহি’হে হলো। সেইবাবে নেকি আজি জীৱনটো কুঁহিয়াৰ চেপা মেচিনত চেপাৰ দৰে চেপি চেপি মাত্ৰ অৱশিষ্টখিনিহে আছেগৈ। তথাপি বুকুত একুৰা জ্বলন্ত অগ্নিপিণ্ড বান্ধি লৈ মই জীয়াই আছো। সহচৰী মাত্ৰ বৰষুণজাক। বৰষুণজাক আহিলে স্মৃতিগৰ্ভৰ কিছুমান ঘটনাই মোৰ দুচকুৰ আগত ভাঁহি উঠে । 'মা’ তোমালৈ বৰ মনত পৰে। তোমাৰ অৱৰ্তমানত যিবোৰ ঘটনা ঘটি গ’ল, সেয়া কেতিয়াবা তুমি বাৰু বুজিবানে ? আকাশতকৈ তুমি যদি উচ্চ হোৱা, এদিন হ’লেও তুমি বুজি উঠিবা-- মই কিয় ঘৰ ত্যাগ কৰিলো । বুজিবানে কিয় মই শূন্যতাৰ ৰভাথলীত হুমুনিয়াহ কাঢ়ি ফুৰিছোঁ ? তুমুল ধুমুহাৰ বুকুত নিজক বিছিন্ন কৰি দিছো কিয়? এদিনৰ বাবেও তুমি ভাবিবা । কাৰণ,মই নাৰী । নাৰীয়েহে পঢ়ি চাব পাৰে নাৰীৰ হৃদয়ৰ নিভৃত কোণত পঞ্জীভূত মালিতাবোৰ। বৰষুণ, বা কি সুন্দৰ! কি যে মনোৰম ! যেন এখন যাত্ৰীবাহী বেণ। প্রতি টোপাল বৰষুণ যেন একোজন যাত্ৰী । দুখ আকু সুখৰ সমাবেশে এই যাত্ৰা ৷ 

 মই আৰু দীপুৱে ববযুণজাকৰ মাজতে খেলিছো। সৌৱা সি বোকা এসোপামান মোৰ গালৈ মাৰি দিছে। মোৰ মটীয়া ৰঙৰ ফ্ৰকটোত লিপিট খাই ধৰিছে । মোৰ খং উঠিছে । খিল্‌খিলাই হাঁহি সি দোৰিছে । সোমেশ্বৰ দাইটিয়ে তামোলৰ ৰঙে তেজাল কৰা দাঁতকেইটা উলিয়াই মোক জোকাইছে । মোৰ খং দুগুণে চৰিছে। তুমি চিঞৰি "ঐ জহনি যোৱাহঁত । মনে মনে থাকিবিনে ? নিশ্চুপ হৈ মই পৰিছোঁ । সৌৱা, আই তোমাৰ আঁচল ধৰি পানী অনা ঘাটলৈ গৈছো । কলহ ভৰাই পানী আনিছো ।আবেলী নৈৰ পাৰত গজি উঠা লিহিৰিপতীয় ঢেঁকীয়াবোৰ বুটলি আনি ৰাতিৰ সাজ যোগাৰ কৰিছা। হালধি, নিমখবিহীন হলেও তোমাৰ হাতৰ পৰশ সুস্বাদু হৈ পৰিছিল। 

কিন্তু দিনৰ দিনটো আহতৰ তলত বহি ভাঙৰ চিলিম টনা পিতায়ে যেতিয়া ভাতৰ কাঁহীখন তোমাৰ গালৈ মাৰি দিয়ে ৷কি গৰু দানা দিছ বুলি । মোৰ তেতিয়া পিতাইৰ ওপৰত খং উঠে । মনে মনে কান্দি থাকোঁ। মন যায় মোৰ প্রতিবাদ কৰিবলৈ। কিন্তু মই জিকিব নোৱাৰো । সেইদিনা এনে লাগে পিতাই যেন মানুহ নহয় কোনোবা দৈত্যৰ বংশধৰ । মই জানো নিজ জন্মদাতাৰ প্রতি এনে মন্তব্য অশোভনীয় । পিতাইৰ প্রতিটো অত্যাচাৰ নীৰৱে সহ্য কৰি তুমি দেখুৱাব বিচাৰিলা স্বামী আবাধ্য দেৱতা । কিন্তু যি স্বামীয়ে পত্নীক নিৰাপত্তা দিব নোৱাৰে, ভৰণ-পোষণ দিব নোৱাৰে তেনেলোকক কি যুক্তিত দেৱতা আখ্যা দিয়া হয়। সোঁৱৰণিৰ উকি মাৰি গুচি গ’ল ৰেলগাড়ী, ধাৰাসাৰ বৃষ্টিত প্লাৱিতা হ'ল মাথো হৃদয়। হুচেইন খুড়াৰ ঘৰত মই আজি সুখেৰে আছো। তেওঁ মোক সকলো দিছে। 

ধুমুহাই সৰোৱাই থৈ যোৱা এই শুকান সৰাপাতৰ বুকুত তেওঁ বুলাব বিচাৰিছে কৃষ্ণচূড়াৰ হাঁহি। দেৱতুল্য এই মানুহজনৰ সান্নিধ্যই মোক পৃথিৱীখন আকৌ এবাৰ নতুন দৃষ্টিৰে চাবলৈ শিকালে । সঁচাকৈ জাতি-ধৰ্ম আদিবোৰ যেন মানুহৰহে সৃষ্টি । বিশ্বত হিন্দু, মুছলমান, জৈন-খ্ৰীষ্টিয়ান আদি যি জাতিৰে লোক নাথাকক কিয় ‘মানুহ’ বুলিব পাৰি মাত্ৰ কেইজনমানকহে ৷ মনুষ্যত্ব প্ৰাপ্তি হ’লেহে এজন লোক পূৰঠ মানুহ হ’ব পাৰে। এয়া হুচেইন খুড়াৰ মন্তব্য।  তেওঁ বহুত কিবাকিবি কয়। সেইবোৰ মোৰ ক্ষুদ্ৰ মগজুৱে বুজি নাপাওঁ! তেওঁ কয় বস্তুবাদ, ব্যক্তিবাদ, আদিৰ ওপৰতে এখন সমাজ হেনো বৰ্তি থাকে। 

তেওঁ মহাত্মা গান্ধীৰ ‘চৰম সত্য” আৰু বাস্তৱ সত্য আদি বিষয়ে সুন্দৰ ব্যাখ্যাৰে মোক জীৱন সম্পৰ্কে নতুন তত্ব দিছে। তেওঁ কয় --- এজনে মানুহৰ জন্ম সময়তে ভাল আৰু বেয়া দুবিধ কাৰকে ক্ৰিয়া কৰে। ভালতকৈ বেয়া কাৰকৰ সংখ্যা বেছি হয়। মানুহৰ নিজ সান্নিধ্যই বেয়াখিনিক আঁতৰাই ভালবোৰক প্ৰতিষ্ঠা কৰে । এইবোৰ নিয়ন্ত্ৰণ কৰে পৰিৱেশ আৰু পৰিস্থিতিয়ে ।

Post a Comment

Fcbbcvv

Previous Post Next Post