আজি এই লিখনিত এটি সুন্দৰ অসমীয়া সাধু আগবঢ়াইছো । এই assamese story টো পঢ়ি কেনেকুৱা লাগিল কমেণ্টত কমেণ্ট কৰিব নাপাহৰিব ।
শুনোতাক বিচাৰি ফুৰে সাধুৱে
এসময়ত ৰথসপ্তমীৰ দিনা এগৰাকী বুঢ়ীয়ে মূৰৰপৰা ভৰিলৈকে পুণ্যস্থান কৰি পূজা কৰিলে । এই ৰথসপ্তমীক মাঘী সপ্তমী বুলিও কোৱা হয়। সেইদিনা মন্দিৰৰ ৰথ উলিয়াই বাটে বাটে ঘূৰোৱা হয়।
সেই সময়ৰ নিয়ম অনুসাৰে বুঢ়ীয়ে মাঘ মাহৰ ৰবিবাৰে কাৰোবাক নহয় কাৰোবাক সূৰ্যদেৱৰ কথা শুনাব লাগে। সেয়ে হালধীয়া ৰঙৰ এমুঠি উখুৱা চাউল লৈ বুঢ়ী ওলাই গ’ল। কাৰোবাক এই চাউলমুঠি দি সূৰ্য কথা ক'বই লাগিব। কিন্তু যাৰ ওচৰলৈকে যায়, তেৱেঁই দেখোন অত্যন্ত ব্যস্ত।
বুঢ়ীৰ ল’ৰাহঁত দেশৰ ৰাজদৰবাৰলৈ গৈছে। পলম হ’লে ৰজাই কথা শুনাব, সেয়ে তেওঁলোকে পলম হোৱাতো নিবিচাৰে। ল’ৰাহঁতে যেতিয়া সূৰ্য কথা শুনিব নুখুজিলে, বুঢ়ী গ’ল নাতিহঁতৰ ওচৰলৈ ৷ নাতিহঁত বিদ্যালয়লৈ যোৱাৰ সময় । সিহঁতে বুঢ়ীৰ সাধু শুনে কেনেকৈ? বোৰাৰীয়েকৰ ওচৰলৈ গ’ল, বোৱাৰীয়েকৰেই বা সময় ক’ত? কোলাৰ কেঁচুৱাটো নিচুকাব লাগে।
নৈঘাটত কাপোৰ ধুই থকা মহিলাসকলৰ ওচৰলৈ গৈ বুঢ়ীয়ে এটা সাধু শুনাব খুজিলে। মহিলাসকলে ইতিমধ্যে কাপোৰ ধুই শেষহোৱাৰ পিছত ঘৰলৈ যোৱাৰ বাবে সাজু হৈছে ; তেওঁলোকেও শুনিব নুখুজিলে ৷ বুঢ়ী য'লৈকে যায়, যাৰ ওচৰলৈকে যায় --- এজনো মানুহ নাপায় সাধু শুনাবৰ বাবে। বাঢ়ৈ কুমাৰ, দাৱনী, শিপিনী কাৰো হাতত তিলমানো সময় নাই--বুঢ়ীৰ পৰা বেলিৰ সাধু শুনিবৰ বাবে। ফলত, মাঘ মাহৰ ৰবিবাৰে যিসকলে বেলিৰ সাধু শুনিব নুখুজিলে, তেওঁলোকৰ নানা দুৰ্গতি হ'ল । বুঢ়ীৰ পুতেকহঁতে ৰাজদৰবাৰত শাস্তি পালে । বোৱাৰীয়েকৰ কোলাৰ সন্তানৰ টান নৰীয়া হ’ল, নাতিহঁতে পণ্ডিত মহাশয়ৰপৰা বেয়াকৈ শাস্তি পালে।
কাপোৰ ধুই ঘৰলৈ ওভতা তিৰোতাবোৰে শাহুৱেকৰ গালি খালে, বামুণে খাবৰ বাবে এটাও যজমান নাপালে। বাঢ়ৈহঁতৰ আঙুলিত বাঁহৰ চোঁচ সোমাল আৰু কুমাৰৰ চাকৰপৰা যিবোৰ কলহ, টেকেলি, মলা, নদীয়া ওলাল, সেই গোটেইবোৰে ভেমেচা। বুঢ়ীয়ে এইবোৰ কথা নাজানে । তেওঁৰ কথা কোনেও নুশুনিলে বুলি তেওঁ দুখ কৰিলে, তথাপি ধৈৰ্য হেৰুওৱা নাছিল। অৱশেষত তেওঁ চহৰৰ সৰু আলিবাট এটাইদি যাবলৈ ধৰিলে। লোণ বিক্ৰী কৰা সম্প্ৰদায়ৰ এগৰাকী গৰ্ভৱতী মহিলাই বুঢ়ীৰপৰা বেলিৰ সাধু শুনিবলৈ মন কৰিলে। কিন্তু তেওঁৰ বৰ ভোক লাগি আছিল । দুখীয়ামহীলাগৰাকীয়ে ক’লে, আগতে অকমান পায়স খাই লোৱা হ’লে ভাল হ'লহেতেন । গাখীৰ, চেনি আৰু বহুখিনি চাউলেৰে ৰন্ধা পায়স।
বুঢ়ীৰ মহিলাগৰাকীলৈ মৰম বাঢ়িল। অতি যতনেৰে পায়স ৰান্ধিলে আৰু গৰ্ভৱতী মহিলাগৰাকীক খাবলৈ দিলে। মহিলাগৰাকীয়ে ৰং মনেৰে পায়সখিনি খাবলৈ ধৰিলে। কিন্তু বুঢ়ীয়ে বেলিৰ সাধু কোৱাৰ আগতে মহিলাগৰাকী টোপনিত লালকাল দিলে। তেওঁ নিচিন্ত মনেৰে টোপনি গৈছে। বুঢ়ীয়ে ব্ৰতৰ চাউল হাতত লৈ বহি আছে। হঠাৎ বুঢ়ীয়ে শুনিলে, শুই থকা মাকৰ গৰ্ভৰ শিশুটিয়ে কৈছে, ‘বেলিৰ সাধু মোক কোৱাঁ, মই শুনিম। মাৰ নাভিত হাতৰ চাউলখিনিৰে থোৱা আৰু মোক সাধু কোৱা। বুঢ়ীৰ বৰ আনন্দ অনুভৱ হ’ল। হাতৰ চাউলখিনি শুই থকা মহিলাগৰাকীৰ নাভি ঢাকি দিলে। তাৰ পিছত সন্মুখৰ স্ফীত উদৰ আৰু গৰ্ভৰ শিশুটিক মাঘ মাহৰ ৰবিবাৰে শুনাবলগীয়া বেলিৰ সাধু শুনালে। সাধু শেষ হোৱাৰ পিছত গৰ্ভৰ শিশুটিক বুঢ়ীয়ে কেইটামান ওমলাগীত শুনালে।
‘তুমি যেতিয়া যাবা, পোৰা গাঁওখনি হৈ পৰিব জলমলীয়া চহৰ। শিমলু তুলাৰ গুটিবোৰ হৈ পৰিব মূল্যৱান মুকুতা ৷ শুকান গছত ফল ধৰিব। বুঢ়ী গাইবোৰে পুনৰ গাখীৰ দিব। নিঃসন্তান নাৰীসকলৰ সন্তান হ'ব। মানুহে হেৰোৱা মাণিক ঘূৰাই পাব। মৰা মানুহে প্রাণ পাব। মোৰ সোণটো ! তোমাৰ ইমান ক্ষমতা হ'ব, যি ৰজাৰ বুকুলৈও আনন্দৰ বান লৈ আহে !’
বেলিৰ সাধু আৰু গানো শেষ হ'ল, গৰ্ভৱতী মহিলাগৰাকীয়েও সাৰ পালে। এতিয়া মহিলাগৰাকীয়ে বেলিৰ সাধু শুনিব খোজাত বুঢ়ীয়ে ক’লে, ‘তোমাৰ পেটৰ পোৱালিয়ে সকলো শুনিছে অ’৷ তাৰ বৰ সুখৰ জীৱন হ’ব। শিশুটি জন্ম হ’লে মোক খবৰ দিবা দেই। ল’ৰা হ'ল নে ছোৱালী হ’ল, সেয়াও জনাবলৈ নাপাহৰিবা ভনীটি। বুঢ়ীয়ে কথাখিনি কৈয়েই ঘৰলৈ উভতিল।
কেইসপ্তাহমানৰ পিছত বুঢ়ীয়ে খবৰ পালে, সেই দুখীয়া মহিলাগৰাকীৰ এটি কন্যা সন্তান জন্ম হৈছে। এখন শাৰী, এটা জুনুকা, অলপ সৰিয়হৰ তেল আৰু ঔষধ--নৱজাত শিশুক যি যি দিয়া হয়, সেই সকলোবোৰ টোপোলা বান্ধি লৈ বুঢ়ী মহিলাগৰাকীৰ ঘৰলৈ গ’ল। শাৰীখনেৰে এখন ঝুলনা সাজিলে। ওচৰৰ হাবিখনৰ এজোপা গছত ঝুলনাখন বান্ধি শিশুটিক তাতে শুৱালে। গছবোৰক ঝুলনাখন ঝুলাবলৈ ক'লে, চৰাইবোৰক নিচুকণি গীত গাবলৈ ক'লে। গছ আৰু চৰাইবোৰে শিশুটিৰ দায়িত্ব ল’লে, শিশুটিৰ মাকে দিনটো ঘৰৰ কাম-বন কৰিবৰ বাবে আহৰি পালে, বুঢ়ী গ'ল ঘৰলৈ । এদিনাখন সেই হাবিখনৰ দাঁতিয়েদি সেই দেশৰ ৰজা গৈ আছিল। ৰজাই চৰাইবোৰে গান গোৱা শুনিলে আৰু শুনিলে ক’ৰবাত এটি শিশুৱে কান্দিছে। কৌতূহলত বিচাৰি বিচাৰি দেখা পালে, গছৰ ডালত এখন ঝুলনা দুলি আছে আৰু চৰাইবোৰে ঝুলনাখনৰ চাৰিওফালে বেঢ়ি গীত গাইছে। চৰাইবোৰে ৰজাক ক’লে, ‘এওঁ তোমাৰ ৰাণী, আৰু আমাৰ মাতৃ। এওঁক লৈ যোৱা, ডাঙৰ হ’লে বিয়া কৰাই ল’বা। শিশুটিক নিজৰ পাল্কীত শুৱাই ৰজা ৰাজহাউলিলৈ গৈ থকাৰ বাটত এখন পুৰি ছাই হৈ যোৱা গাওঁ পালেগৈ। গাঁওখনত প্রৱেশ কৰাৰ লগে লগে গাঁওখন হঠাৎ জাকজমক চহৰলৈ ৰূপান্তৰিত হ’ল। বাটত কপাহৰ খেতি এডৰাত অলপ সময় জিৰণি ল'বলৈ বুলি বহোঁতেই কপাহৰ গুটিবোৰ মুকুতা হৈ পৰা দেখা পালে। আৰু গছবোৰ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিল।
ৰজাৰ সবাতোকৈ ডাঙৰগৰাকী ৰাণী সম্তানহীনা আছিল, তেওঁৰো এটি সন্তান হ’ল। শিশুটি প্রথমে বালিকা, তাৰ পিছত যুৱতী'হ’ল। প্রতি বছৰে ৰাজ্যখনৰ শ্ৰীবৃদ্ধি হ'বলৈ ধৰিলে। অৱশেষত ভাল দিন-বাৰ চাই ছোৱালীজনীক ৰজাই বিয়া কৰালে। ছোৱালীজনীক বিয়া কৰোৱা বাবে ডাঙৰ ৰাণী মুঠেও সুখী নহ’ল। সুন্দৰী সৰু ৰাণীক তেওঁ তিলমানো সহ্য কৰিব নোৱাৰিলে। তেওঁৰ প্রতি ঈৰ্ষাত বৰৰাণী জ্বলি-পুৰি মৰিল। হিংসাৰ জ্বালাত এদিন বৰৰাণীয়ে প্ৰাসাদৰ সকলো মণি-মুকুতা এটা বাকচত ভৰাই বাকচটো সাগৰত পেলাই দিলে।
কিছুদিনৰ পিছত এজন মাছমৰীয়াই সাগৰত এটা প্ৰকাণ্ড মাছ ধৰিলে আৰু সেই মাছটো ৰাণীক দিবলৈ আহিল। ৰাণীয়ে মাছটো বৰ গোন্ধাইছে বুলি নাক কোঁচালে। মাছটো সৰুৰাণীৰ ওচৰলৈ পঠিয়াই দিলে। সৰুৰাণী বৰ সুখী হ'ল। মাছটো কটা হৈছে। ৰাণীয়ে দেখিলে, মাছটোৰ পেটত দেখোন বৰৰাণীয়ে সাগৰত পেলাই দিয়া সেই মণি-মুকুতাবোৰৰ বাকচটো । কথাটো ৰজাৰ কাণত পৰিলগৈ। ৰজাৰ মনত পৰিল, চৰাইবোৰে গানেৰে এই ছোৱালীজনীৰ কিমানবোৰ ক্ষমতাৰ কথা যে কৈছিল। চৰাইবোৰৰ কিমান কথাই যে সঁচা হৈছে, ৰজাই নিজ চকুৰে দেখিছে। পোৰা গাঁও হৈ পৰিছে ৰমকজমক চহৰ, কপাহৰ গুটি হৈছে মুকুতা, বুঢ়ী গায়ে গাখীৰ দিছে, মৰা গছ ফুল-ফলেৰে জাতিষ্কাৰ হৈ পৰিছে আৰু হেৰোৱা মণি-মুকুতাও অৱশেষত ঘূৰাই পোৱা গ’'ল।
কেৱল এটা পৰীক্ষা বাকী। সৰুৰাণীয়ে মৰা মানুহক জীয়াব পাৰেনে নাই ৰজাই সেয়া চাব খোজে। ৰজাই সৰৰাণীৰ ঘৰত ভাত খাই বৰৰাণীৰ ঘৰত শুবলৈ গ'ল। তালৈ গৈ লুকাই বিষ খালে। তাৰ পিছত ৰজাৰ মৃত্যু হ’ল। বৰৰাণীয়ে ইনাই-বিনাই কান্দিবলৈ ধৰিলে। সৰুৰাণীক মতাই আনিলে। ৰজাৰ চিতাত দুয়োগৰাকীয়েই পুৰি মৰিব। সতী হ'ব। ৰজাৰ মৃতদেহক সজাই-পৰাই চিতাত উঠোৱাৰ বাবে সাজু কৰা হৈছে, সৰুৰাণীও সাজু হ’ল। এনে সময়তে এজন ব্ৰাহ্মণ আহি ভৰি ধুবৰ বাবে পানী বিচাৰিলে। সৰুৰাণীকো নিজৰ ভৰি ধুবলৈ ক’লে।
Also Read :- Assamese Story
তাৰ পিছত ব্ৰাহ্মণে মূৰত পানী ঢালি গা ধুব, সৰুৰাণীকো তেনেদৰে গা ধুবলৈ ক’লে। ব্ৰাহ্মণে গাত সানিবলৈ চন্দন বটা বিচাৰিলে, সৰুৰাণীক ক’লে হালধি সানিবলৈ। তাৰ পিছত ব্ৰাহ্মণে সেন্দূৰেৰে নিজৰ কপালত তিলক আঁকিলে, সৰুৰাণীক শিৰত সেন্দুৰ ল'বলৈ ক'লে। ইয়াৰ পিছত ব্ৰাহ্মণে খাবলৈ বিচাৰিলে, সৰুৰাণীকো খাবলৈ ক’লে।
তাৰ পিছত তামোল বিচাৰিলে, সৰুৰাণীকো তামোল খাবলৈ ক’লে। সৰুৰাণী মৃত ৰজাৰ শোকত বিয়াকুল। তেওঁ স্বামীৰ চিতাত উঠিব খুজিছে। কিন্তু ব্ৰাহ্মণে কোৱা ধৰণেৰে সকলোবোৰ নকৰালৈকে যাবলৈ দিয়া নাই। অৱশেষত ব্ৰাহ্মণনো কোন, সেই বিষয়ে সৰু ৰাণীয়ে জানিব বিচাৰিলে। কথাতে কয় নহয়, অচিন কাঠৰ থোৰাও নলগাবাঁ। বাহ্মণে নিজকে আদিনাৰায়ণ সূৰ্যদেৱ বুলি পৰিচয় দিলে। সৰু ৰাণী মাকৰ পেটত থাকোতে বুঢ়ীয়ে তেওঁৰ কথাকে শুনাইছিল।
ব্ৰাহ্মণে ৰাণীক চাৰিটা হালধীয়া ৰঙৰ উখুৱা চাউল দি সৰুৰাণীক সেই চাউলকেইটা ৰজাৰ দেহত ছটিয়াই দিবলৈ কৈয়েই ব্ৰাহ্মণ অন্তৰ্ধান হ’ল। সৰুৰাণী শ্মশানলৈ দৌৰিলে। সকলোৱেই তেওঁৰ অপেক্ষাতে আছে। ৰাণীয়ে স্বামীৰ ওচৰলৈ গৈ ব্ৰাহ্মণে দিয়া চাউলকেইটা ছটিয়াই দিওঁতেই ৰজা চিতাশয্যাত উঠি বহিল। যেন তেওঁৰ পালেংখনতহে কিছু সময় জিৰণি লৈছিল। এয়া কেনেকৈ সম্ভৱ হ’ল, সেই বিষয়ে ৰজা আৰু অন্যসকলে জানিব বিচাৰিলে। ৰাণীয়ে ক’লে, তেওঁ মাকৰ পেটত থাকোতে ৰবিবাৰে সূৰ্যৰ সাধু শুনিছিল বাবেই এনে ক্ষমতা লাভ কৰিছে।
ৰজাই আনন্দিত হৈ ক’লে, ‘সাধু শুনিয়েই যদি এনে ক্ষমতা লাভ কৰা যায়, তেনেহ’লে এই সূৰ্যব্ৰত যদি সকলোৱে পালন কৰে, তেনেহ’লে দেখোন আৰু ভাল হ'ব। ৰাণীসকলক এই ব্ৰত পালন কৰিবলৈ ৰজাই আদেশ দিলে। ৰাণীসকলে সেই ব্ৰত পালন কৰিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰাই গোটেই ৰাজ্য শান্তি-সমৃদ্ধিৰে ভৰি পৰিল।
assamese story - assamese hadhu - অসমীয়া সাধু - সাধু কথা - assamese sadhu - অসমীয়া সাধু কথা - কপিলীপৰীয়া সাধু