আজি এই লিখনিটোৰ জৰিয়তে দুখন অসমীয়া ৰচনা আগবঢ়াইছো । এই Aassamese Essay দুখন Hslc Exam বা Hs Exam ত প্ৰায়েই অহা দেখা যায় ।
১) অসমৰ কুটীৰ শিল্প
সৃষ্টিকৰ্তাই ভিন্নৰঙী প্ৰাকৃতিক সৌন্দৰ্যৰে পয়োভৰ কৰি এই অসম ভূমিক সৃষ্টি কৰিছিল । ৰামায়ণ, মহাভাৰত আদি আদিকাব্যৰ দিনৰে পৰা অসম ভূমি ঐশ্বৰ্য আৰু কলা-সংস্কৃতিৰ অক্ষয় ভাণ্ডাৰৰূপে পৰিগণিত হৈ আহিছে । প্ৰাচীন ভাস্কৰ্য আৰু শিল্পকলাৰ ক্ষেত্ৰতো অসমৰ সুনাম ৰৈ-বৈ গৈছিল । কিন্তু কালৰ কুটিল গতিত অসম ভাৰতবৰ্ষৰ ভিতৰতে পিছপৰা ৰাজ্য হিচাপে পৰিগণিত হ'ব লগা হৈছে ।
প্ৰচুৰ ঐশ্বৰ্য-বিভূতিৰ বাবে যেনেকৈ অসমক সোণৰ অসম বুলি অভিহিত কৰিছিল; ঠিক তেনেদৰে কুটীৰ শিল্পৰ কাৰুকাৰ্যৰ বাবেও অসমৰ নাম গোটেই ভাৰতবৰ্ষত ৰজন-জনাই গৈছিল। এৰী, মুগা, পাট, কপাহী আদি বস্ত্র শিল্প; কাঁহ-পিতলৰ বাচন, বাহ-বেতৰ শিল্প, মাটিৰ বাচন তৈয়াৰী শিল্প, হাতী দাঁতৰ কাৰুকাৰ্য, সোণ-ৰূপৰ অলংকাৰৰ শিল্প, লোহা-লক্কৰৰ শিল্প, স্থাপত্য ভাস্কৰ্য শিল্প আদি এশ একুৰি কুটীৰ শিল্পৰে অসমৰ বুকু গজগজীয়া হৈ আছিল। এই কুটীৰ শিল্পবোৰে অসমক স্বাৱলম্বী কৰাৰ লগতে স্বয়ং সম্পূৰ্ণ কৰি তুলিছিল। অতীত কালৰ পৰা বয়ন শিল্পত অসম ভাৰতৰ ভিতৰত বিখ্যাত আছিল, অসমৰ ছাঁতে শুকোৱা মুঠিতে লুকোৱা পাট-মুগাৰ কাপোৰে দিল্লী-আগ্রাৰ মোগল বাদছাহৰ মাজতো আলোড়নৰ সৃষ্টি কৰিছিল। চিত্ৰলেখাৰ বয়ন শিল্পই অনিৰূদ্ধ কোঁৱৰক বিমোহিত কৰিছিল। বৰপেটা অঞ্চলৰ সত্ৰই মহাপুৰুষ শংকৰদেৱৰ তদাৰকীত পাটৰ কাপোৰত বৈকুণ্ঠৰ পট অংকন কৰি বিখ্যাত হৈ পৰিছিল। অসমীয়া সমাজত তিৰোতা-ছোৱালীয়ে কাপোৰ বব নজনাটো লাজৰ বিষয় আছিল; আনকি কাপোৰ বব নজনা ছোৱালীৰ বিয়া-বাৰুও নহৈছিল। অসমীয়া জীয়ৰী-বোৱাৰী যে বয়ন শিল্পত পাকৈত আছিল, তাঁতৰ পাটত যে সপোন ৰচিব পাৰিছিল সেই কথা বুৰঞ্জীয়ে সোঁৱৰাই দিয়ে। অসমীয়া শিল্পীয়ে কাপোৰত বছা ভমকাফুলীয়া ফুলৰ চানেকী দেখি মহাত্মা গান্ধীয়ে মস্তব্য কৰিছিল--‘অসমীয়া শিপিনীয়ে কাপোৰ পৰীৰ সাধু ৰচনা কৰে।’ অসমীয়া পাট মেজাংকৰী কিংখাপে ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ জীয়ৰী-বোৱাৰীক চমক খুৱাইছিল।
কাঁহ-পিতলৰ শিল্পৰ বাবেও এসময়ত অসম ভাৰতবিখ্যাত আছিল। হাজো, সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পই আজিও অসমত এক বিশেষ স্থান অধিকাৰ কৰি আছে।
কাঠ শিল্পয়ো অতীজৰে পৰ৷ অসমৰ গৌৰৱ বহন কৰি আহিছে। কাঠৰ দ্বাৰা তৈয়াৰী নানাবিধ আসন-বসন, সিংহাসন, বিষ্ণুমূৰ্তি, নানান ধৰণৰ অন্য মূৰ্তি, মুখা আদিৰ জনপ্ৰিয়তা অসমীয়া সমাজত আজিও আছে। ইয়াৰোপৰি বাঁহ-বেতৰ আচবাব, নিত্য নৈমিত্তিক ব্যৱহাৰ্য পাচী, খৰাহী, মাছমৰা সঁজুলি আদি অসমীয়া সমাজত আজিও সমাদৰ লাভ কৰি আছে ।
বাঁহ-বেতেৰে ফুলামকৈ তৈয়াৰ কৰা সৰুদৈয়া-বৰদৈয়া জাপিৰ আদৰ আজিও সমাজৰ উপৰিও, আগৰ কালত অভিজাত শ্ৰেণীৰ মহিলাসকলে অলৈ-তলৈ গ’লে সন্মানেৰে এই জাপিৰ ব্যৱহাৰ কৰিছিল। আজিকালি অৱশ্যে এই জাপি সৌন্দৰ্য বৰ্ধনৰ আহিলা হৈছে। জাতত কুমাৰ এক শ্ৰেণী মানুহৰ মাটিৰ বাচন তৈয়াৰ কৰাটো জীৱিকাৰ উপায় আছিল। এই শ্ৰেণীৰ শিল্পই মানুহৰ ব্যৱহাৰৰ উপযোগী বস্তু তৈয়াৰ কৰাৰ উপৰিও দুখীয়া শ্ৰেণীৰ মানুহক বেছিকৈ উপকৃত কৰিছিল।
অসমৰ আন এটি আপুৰুগীয়া শিল্পকৰ্ম হৈছে হাতীদাঁতৰ শিল্প ৷ অসমীয়া শিল্পীয়ে হাতীদাঁতেৰে খচিত নানান অলংকাৰ তৈয়াৰ কৰাৰ উপৰিও অতিশয় মনোৰম আৰু মসৃণ পাটী তৈয়াৰ কৰিছিল।
সোণ-ৰূপৰ অলংকাৰ তৈয়াৰ কৰা শিল্পও অসমৰ এক উল্লেখযোগ্য শিল্প। এসময়ত অসমত প্ৰচুৰ সোণ পোৱা গৈছিল। সোৱণশিৰি নৈৰ বালিৰ পাৰত সোণ আহৰণ কৰা হৈছিল। ঠিক তেনেদৰে লোৰ দ্বাৰা তৈয়াৰ কৰা শিল্পয়ো অসমত প্ৰাধান্য লাভ কৰিছিল। দৈনন্দিন ব্যৱহাৰ্য বিভিন্ন লোৰ সামগ্ৰী অসমতে তৈয়াৰ কৰা হৈছিল। অসমৰ পুৰণি মঠ-মন্দিৰ, দৌল-দেৱালয়বোৰ এবিধ বিশেষ ধৰণৰ ইটাৰে সজোৱা হৈছিল। এই ইটাবিধ শিলৰ দৰে কঠিন আছিল। অসমৰ পৰ্বতে-পাহাৰে গুহা-গহ্বৰে থকা শিলামূৰ্তি খোদিত ভাস্কৰ্য আদি অসমৰ শিল্পীয়ে তৈয়াৰ কৰিছিল। কিন্তু বৰ্তমান সময়ত অসমত ভাঙ্কৰ্যৰ অভাৱ পৰিলক্ষিত হৈছে। অসমত ইমানবোৰ কুটীৰ শিল্প থকা সত্ত্বেও অসম আজি আৰ্থিক অনাটনত জৰ্জৰিত। উদ্যোগত পিছপৰা। ইয়াৰ মূল কাৰণ অসমত কেঁচামালৰ অভাৱ।
দ্বিতীয়তে, বৈজ্ঞানিক যুগৰ বৃহৎ উদ্যোগৰ বৃহৎ উৎপাদনৰ লগত কুটীৰ উদ্যোগে ফেৰ মাৰিব নোৱাৰে। তৃতীয়তে, বৃহৎ উদ্যোগৰ সুলভ মূল্যত তৈয়াৰী জাক-জমকীয়া বস্তুৰ প্ৰতি মানুহ সঘনে আকৰ্ষিত হয়। চতুৰ্থতে, কুটীৰ শিল্পৰ উৎপাদন ব্যয় বেছি হোৱা বাবে বজাৰত ইয়াৰ বিক্ৰী কম হয়। পঞ্চমতে, বিদেশী সস্তীয়া বিজতৰীয়া সভ্যতাৰ প্রতি মানুহৰ মন আকৰ্ষিত হোৱাৰ ফলত অতীতৰ শিল্পৰ প্রতি মানুহৰ অনীহা হৈছে। যষ্ঠতে, মানুহে চাকৰিমুখী হোৱাৰ লগে লগে শিল্পৰ চৰ্চা কমি গৈছে। আৰু উপযুক্ত কাৰিকৰী শিক্ষা আৰু প্ৰশিক্ষণৰ অভাৱত উৎপাদিত বস্তুৰ মানদণ্ড নিম্নগামী হৈছে। বহুসময়ত চৰকাৰী, বেচৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱত কুটীৰ শিল্পসমূহ মৃত্যুমুখী হৈছে। তথাপি এচাম দেশপ্ৰেণী শিল্পীয়ে শিল্পসমূহক জীয়াই ৰখাৰ বাবে যি প্ৰচেষ্টা চলাই আছে সি প্ৰশংসনীয়। এই পুৰণি শিল্পকৰ্ম সমূহৰ সমাদৰ সমাজত কেতিয়াও নকমে।
বিজ্ঞানৰ প্ৰগতি যিমানেই নহওক, সমাজত শ্ৰেণী বিভাজন থকালৈকে কুটীৰ শিল্প বাচি থাকিব। কিন্তু ইয়াৰ সামগ্রিক উন্নয়নৰ বাবে প্রচেষ্টা হাতত ল’ব লাগিব। যিহেতু অসমীয়া জাতি আৰ্থিক দিশত অনগ্ৰসৰ, কাৰিকৰী দিশত পিছপৰা এইবিধ শিল্পকৰ্মৰ উন্নতিৰ বাবে চৰকাৰী-বেচৰকাৰী পৃষ্ঠপোষকতা অত্যন্ত প্ৰয়োজন! শিল্পীসকলক দক্ষ আৰু নিপুণ কৰি তুলিবৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন। বৰ্তমান সমাজত শিক্ষিত নিবনুৱাবোৰক চৰকাৰীভাৱে প্ৰশিক্ষিত কৰাই চৰকাৰী সহায়-সাহায্য দি উৎসাহিত কৰিলে কুটীৰ শিল্পই পুনৰ ঠন ধৰি উঠিব। তেতিয়া কুটিৰ শিল্পৰ উন্নতিৰ লগতে নিবনুৱা সমস্যাৰো সমাধান ঘটিব।
২) ছাত্ৰ জীৱনৰ কৰ্তব্য
ছাত্ৰ জীৱনেই মানুহৰ জীৱনৰ ভেটি। ঘৰ এটা সুন্দৰকৈ সাজিবলৈ হ’লে প্ৰথমে ইয়াৰ ভেটিটো ঠিকমতে বান্ধি ল’ব লাগে। সেইদৰেই মানৱ জীৱনটো সূন্দৰ কৰি গঢ়িবলৈ হ’লে, ছাত্ৰ জীৱনটো সুন্দৰৰূপে গঢ় দিব লাগিব । গতিকে, ছাত্ৰ অৱস্থাটোৰ অধিক গুৰুত্ব আছে। জীৱনৰ বাবে লাগতিয়াল সকলো ধৰণৰ সৎ শিক্ষা ছাত্ৰ অৱস্থাতে আহৰণ কৰি ল’বলৈ চেষ্টা কৰা ছাত্ৰৰ প্ৰধান কৰ্তব্য। মানুহৰ জীৱনটো এখন যুদ্ধক্ষেত্ৰ। সেই যুদ্ধক্ষেত্ৰত বিজয়ী হ’বলৈ হ’লে উপযুক্ত সৈনিকৰূপে নিজকে গঢ় দিব লাগিব । ছাত্ৰ অৱস্থাতেই ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। শৰীৰ, মন, বুদ্ধি আৰু প্ৰতিভা বিকাশৰ বাবে ছাত্র অৱস্থাৰ পৰাই শিক্ষা গ্ৰহণ কৰিব লাগিব।
ছাত্র অৱস্থাত শিশুৰ মন সুন্দৰ আৰু কোমল। এই অৱস্থাতে সুশিক্ষাৰে শিশুৰ মনক সুন্দৰ কৰি গঢ়িব পাৰি । কুমলীয়া বাঁহ যেনেকৈ ইচ্ছামতে ইফালে-সিফালে বেঁকা কৰি নিব পাৰি, সেইদৰেই সুশিক্ষাৰে শিশুমনক ছাত্র অৱস্থাতেই সৎ আৰু সুন্দৰ পথেদি আগবঢ়াই নিব পাৰি। ছাত্র অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিয়েই এজন শিশুৰ ভৱিষ্যৎ জীৱন সুখময় বা দুখময় হৈ উঠে।
অধ্যয়নেই হ’ল ছাত্ৰৰ প্ৰধান কৰ্তব্য। এষাৰ কথা আছে -- বোলে পঢ়ায়, পঢ়ে, ৰোৱে পাণ -- এই তিনি নিচিন্তে আন। গতিকে ছাত্ৰসকলে অধ্যয়নক জীৱনৰ প্ৰধান ব্ৰত বুলি গ্রহণ কৰিব লাগে। একাগ্ৰতা আৰু নিয়মিতভাৱে অধ্যয়ন কৰিলে ছাত্ৰৰ মনত জ্ঞান অৰ্জনৰ ভাব দিনে দিনে বাঢ়ি যাব। অধ্যয়নে মনত বল দিয়ে, নিতৌ নতুন নতুন কথা জানিবলৈ হেঁপাহ বৃদ্ধি কৰে। সেয়েহে, ছাত্ৰসকলে কেৱল পাঠ্যপুথিকেইখন অধ্যয়ন কৰাতে ব্যস্ত নাথাকি, বাতৰি কাকত, আলোচনী পঢ়া আৰু তেওঁলোকৰ অধ্যয়নত সহায় কৰা অন্যান্য কিতাপ, আলোচনী আদিও নিয়মিতভাৱে পঢ়িব লাগে।
কথাতে কয় বোলে দেহাইহে বেহা, দেহা নাথাকিলে কিহৰ বেহা। সেয়েহে মানুহৰ শৰীৰ সুস্থিৰ আৰু সুন্দৰ কৰি ৰাখিবলৈ হ’লে সৰু কালৰ পৰাই যত্ন ল'ব লাগে। ছাত্ৰ অৱস্থাৰ পৰা স্বাস্থ্য সম্পৰ্কীয় নীতি-নিয়ম মানি চলিব লাগে। ইয়ো ছাত্ৰসকলৰ প্ৰধান কৰ্তব্য। মানুহৰ জীৱন গুণ আৰু সৎ আচৰণেহে সুন্দৰ আৰু মহৎ কৰে। জীৱনক গঢ় দিবলৈ হ’লে এনেবোৰ নীতি-নিয়ম ছাত্র অৱস্থাৰে পৰাই- নিয়মিতভাৱে অভ্যাস কৰি যোৱাটো ছাত্ৰৰ কৰ্তব্য । পিতৃ-মাতৃ-শিক্ষক আৰু মান্যজনৰ প্রতি শ্ৰদ্ধা-ভক্তি-সন্মান কৰিবলৈ ছাত্র অৱস্থাৰে পৰাই শিকাটো কৰ্তব্য। মান্যজনৰ আদেশ-উপদেশ মানি চলিলেহে জীৱন গঢ়িবলৈ সক্ষম হ’ব পাৰি।
প্ৰত্যেক মানুহৰে জীৱনৰ লক্ষ্য আছে । ছাত্র অৱস্থাৰ পৰাই সেই লক্ষ্যত উপনীত হ’বলৈ যত্ন কৰা ছাত্ৰৰ কৰ্তব্য। স্বদেশ আৰু স্বজাতিৰ মঙ্গলসাধন কৰা প্ৰতিজন মানুহৰ পৱিত্ৰ কৰ্তব্য। সেইবাবে ছাত্র অৱস্থাৰ পৰাই দেশৰ, দহৰ মংগলজনক কামত ছাত্ৰসকলে ভাগ ল’ব লাগে। ছাত্ৰসকলৰ ওপৰতে দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে। সেয়েহে, ছাত্ৰসকলে নিজকে একোজন সুশিক্ষিত, সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ ছাত্র অৱস্থাৰে পৰা যত্নবান হোৱা অতি প্ৰয়োজন। এজন সুছাত্ৰইহে এজন সুনাগৰিক হৈ দেশৰ, জাতিৰ মংগলসাধন কৰিব পাৰিব। সেয়েহে, ছাত্ৰসকলে এজন উপযুক্ত সুছাত্ৰ হ’বলৈ সদায় যত্নপৰ হোৱা কৰ্তব্য।