assamese story - assamese hadhu - অসমীয়া সাধু - সাধু কথা - assamese sadhu - অসমীয়া সাধু কথা - কপিলীপৰীয়া সাধু
বিধিৰ লিখন নহয় খণ্ডন
এখন হাবিৰ কাষৰ এটা সৰু মাটিৰ পঁজাত এহাল ভায়েক-ভনীয়েকে বসবাস কৰিছিল । সিহঁতৰ মাক-দেউতাকৰ কেতিয়াবাই মৃত্যু হৈছে । ভনীয়েকৰ কাৰণে এজন ভাল দৰা চোৱাটোৱেই ককায়েকৰ এতিয়া প্ৰধান কাম ।
এদিনাখন, বহু দূৰৰ এখন গাঁৱৰ পৰা এজন যুৱক চিকাৰ কৰিবলৈ আহি এওঁলোকৰ পঁজাটোৰ ওচৰৰ হাবিখন পালেহি। বাট হেৰুৱাই ইফালে-সিফালে ঘূৰি ঘূৰি মাজৰাতি তেওঁ এওঁলোকৰ পঁজাঘৰটো পালেহি। যুৱকজনক তেওঁলোকে আশ্ৰয় দিলে। ছোৱালীজনী আৰু চিকাৰী যুৱকজনৰ মাজত ভালপোৱাৰ ভাব গঢ়ি উঠিল আৰু দুয়োৰে বিয়া হৈ গ’ল। ছোৱালীজনীয়ে তেওঁৰ স্বামীৰ সৈতে বহু দূৰৰ গাঁৱলৈ গৈ ঘৰ-সংসাৰ পাতিলেগৈ।
কেইবা মাহো পাৰ হ’ল। ভনীয়েকক এবাৰ চাবলৈ বৰ মন গ’ল ককায়েকৰ। সেয়ে ফল-মূল দুটামান টোপোলা বান্ধি লৈ ভনীয়েকৰ ঘৰলৈ বুলি ওলাল। বাটে বাটে ভনীয়েকৰ গাঁওখনৰ কথা সুধি সুধি গৈ আছে। কিমান যে হাবি-বননি, পৰ্বত- পাহাৰ, উপত্যকা পাৰ হ'বলগা হ’ল। এনেকৈ গৈ থাকোতে এখন হাবি পোৱাৰ সময়তে গধূলি হ’ল।
ককায়েক থূলন্তৰ চেহেৰাৰ, পাহোৱাল ডেকা। লগত আছে ধনু-কাড় আৰু কুঠাৰ। তথাপি তেওঁৰ বাঘ আৰু অন্যান্য বনৰীয়া জীৱ-জন্তুলৈ বৰ ভয়। ইতিমধ্যে পথৰ ভাগৰেও তেওঁক ধৰিছে। সেয়ে এজোপা গছৰ তলত বহিল । গছজোপাই তেওঁক ক’লে, ‘ককাইদেউ, ওপৰলৈ উঠা, ডাল-পাতৰ মাজত অকণমান শুই লোৱাঁ।’
ডেকাজন গছজোপাত উঠি এটা শকত ডালত বহিল। তললৈ চাই দেখিলে, বাঘ, ভালুক, সাপে অহা-যোৱা কৰাৰ চিন।
এনে সময়তে এটা বাঘ আহি গছজোপাক ক’লে, ‘ব’লা, গাঁৱলৈ যাওঁ। তাত এটা ল’ৰাৰ জন্ম হ’ব। ল’ৰাটোৰ মৃত্যু হয়নে নহয় চাওঁচোন।'
গছজোপাই সুধিলে, ‘আজি ৰাতি নাযাওঁ দিয়া। ঘৰলৈ এজন আলহী আহিছে। তুমি খবৰটো লৈ ৰাতিপুৱা মোক জনাবা ।”
গছত বহি ডেকাৰ মন উৎকণ্ঠিত। গাঁওখনৰ নামটো দেখোন তেওঁৰ ভনীয়েকৰ গাঁওখনৰ সৈতে একে। ভনীয়েকৰ ল'ৰা উপজিছে নেকি ? তেওঁ গোটেই ৰাতিটো সাৰে থাকিল, দুচকুলৈ অলপো টোপনি নাহিল। ৰাতিপুৱা বাঘ আৰু অন্যান্য জীৱ-জন্তুবোৰ ঘূৰি আহি গছক ক’লেহি, ‘যোৱা ৰাতি যিটো ল'ৰা জন্ম হ’ল, সি তাৰ বিয়াৰ দিনা বাঘৰ হাতত মৰা পৰিব। সন্তানৰ দেউতাক গাঁৱৰ মুখিয়াল ।”
সিহঁতে কাৰনো কথা কৈছে, সেয়া ককায়েকে অতি সোনকালে বুজি পালে। ভনীজোঁৱায়েক গাঁৱৰ মুখিয়াল। বৰ উৎকণ্ঠাৰে তেওঁ ভনীয়েকৰ গাঁওখনলৈ বাট বুলিলে। গাঁওখন পাওঁতেই জানিব পাৰিলে, যোৱা ৰাতি ভনীয়েকৰ এটি সন্তান উপজিছে। হায়, তেওঁৰ ভাগিন কেতিয়া মৰিব, কেনেকৈ মৰিব, সেই বিষয়ে বনৰ জীৱ-জন্তুবোৰে জানে, লৰাৰ মাক-দেউতাকে নাজানে।
ককায়েক পোনপ্ৰথমবাৰৰ বাবে ভনীয়েকৰ ঘৰলৈ আহিল। ভনীয়েকৰ ঘৰত বৰ আদৰ-সাদৰ পালে। বিদায় লোৱাৰ সময়ত বাৰে বাৰে ক'লে তেওঁ, ভাগিনীয়েকৰ বিয়াৰ সময়ত যাতে তেওঁক খবৰ দিবলৈ নাপাহৰে।
বহু বহুৰ পাৰ হ’ল। গছৰ পাত আৰু বনৰীয়া ফুল কিমানবাৰ যে সৰিল। সেই সন্তান এতিয়া সুঠাম ডেকা। মাক-দেউতাকে সকলো ফালৰপৰাই যোগ্যা এটি কন্যাৰ সন্ধান কৰিলে। মোমায়েকলৈও খবৰ পঠিয়ালে।
মোমায়েকে খবৰ পোৱা মাত্ৰেই ভনীয়েকৰ ঘৰলৈ ৰাওনা হ’ল। বিয়াৰ দিনা ভোজ-ভাত, নাচ-গান চলিল। মোমায়েক অনবৰতে ভাগিনীয়েকৰ লগে লগে থাকিল। হাতত ধনু-কাড়, কুঠাৰ, প্ৰয়োজন হ’লেই ধনুৰপৰা কাড় এৰিব। ভাগিনীয়েকৰ শোৱা কোঠাটোৰ বাহিৰত গোটেই ৰাতি মোমায়েকে, পহৰা দি থাকিল।
মোমায়েকে বাধা দিয়া সত্বেও ভাগিনীয়েক ৰাতিপুৱা পথাৰলৈ গ'ল। ইফালে বাঘে অপেক্ষা কৰিয়েই আছিল। একেজাঁপে যুৱকৰ গাত পৰিলগৈ। ইমান বছৰে মোমায়েক এই মুহুৰ্তৰ অপেক্ষাতে আছিল। তেৱোঁ বিজুলী বেগেৰে জাঁপ মাৰি কুঠাৰেৰে বাঘটোক ঘপিয়াই মাৰি পেলালে।
ভাগিনীয়েকৰ সৈতে ঘৰলৈ ঘূৰি আহি সেই ৰাতি তেওঁ কি ভৱিষ্যৎ বাণী শুনিছিল সেই বিষয়ে সকলোকে ক’লে। ভনীয়েকে আনন্দতে কান্দিলে। ককায়েকক কিমান যে কৃতজ্ঞতা জনালে। ল'ৰাৰ জীৱন ককায়েকেই বচালে। ভাগিনীয়েকে মৃত বাঘটো দেখি সুধিলে, ইয়েই মোক খালেহেঁতেন।’
বাঘৰ মূৰত সি গুৰিয়াবলৈ ধৰিলে। ল’ৰাটোৰ ভৰিখন বাঘৰ মুখত সোমাই গ'ল, চোকা দাঁতবোৰ ভৰিত সোমাই গ'ল। ভৰিৰপৰা ধাৰাসাৰ তেজ ওলাবলৈ ধৰিলে। সেই তেজ আৰু বন্ধ নহ’ল। ৰক্তপাতৰ ফলতেই ল'ৰাটোৰ মৃত্যু হ'ল। কথাতেই কয়, ‘বিধিৰ লিখন নহয় খণ্ডন ।'