পুনৰ এটি সুন্দৰ গল্প আপোনালোকৰ মাজলৈ লৈ আহিছো । এই অসমীয়া গল্পটো পঢ়ি আপোনালোকে নিশ্চয় ভাল পাব । গতিকে এই Assamese Story টো পঢ়ি কেনেকুৱা পালে কমেণ্টত কমেণ্ট কৰিবলৈ নাপাহৰিব ।
হেৰুৱা বাঁহীৰ সুৰ
ৰাতি একমান বাজিছে হয়তো, । চকুযোৰ বৰ জোৰেৰে মুদিবলৈ চেষ্টা কৰিও সুলেখা বিফল হ’ল। নাই, তাইৰ আৰু টোপনি নাহে। একাষে শুই থকা সন্দীপ আৰু কণমানি সাগৰলৈ চালে। তেওঁলোকে হয়তো এতিয়া মানে সপোন ৰাজ্যত বিচৰণ কৰি ফুৰিছে। হাউচকোটটোৰ ওপৰতে শ্বৰ্লখন লৈ তাই সন্তৰ্পণে বাৰান্দালৈ ওলাই আহিল।...
আহিন মাহ, বাহিৰত ফৰিংফুটা জোনাক। জোনবাইজনীয়ে তৰাৰ স’তে মিতিৰালি পাতিছে। নিয়ৰ সেমেকা শেৱালিৰ গোন্ধ এটা নাকত লাগিলহি ৷ এখুজি এখুজিকৈ তাই, শেৱালিজোপাৰ তল পালেহি৷ এইজোপা শেৱালি তাই আৰু সন্দীপে সিহঁতৰ প্ৰথম বিবাহ বাৰ্ষিকীত একেলগে ৰুইছিল। শেৱালিজোপাৰ পৰা এপাহ দুপাহকৈ ফুলবোৰ সৰি আছে। এই মুহূৰ্তত সন্দীপ ওচৰত থকাহেঁতেন! দুয়ো মিলি উপভোগ কৰিলোহেঁতেন আহিনৰ এই কবিতা কবিতা লগা সৌন্দৰ্য। তাইৰ অজানিতে এটা হুমুনিয়াহ ওলাই আহিল৷ কি ঠিক, সন্দীপ এতিয়া কাষত থকা হ’লেও ক’লেহেঁতেন-- ‘এই লেখা, ব’লা শুওগৈ, বৰকৈ টোপনি আহিছে। এক অনামী দুখে সুলেখাৰ ভিতৰখন চুই গ’ল৷ আজি কিছুদিনৰ পৰা সন্দীপৰ কি হ’ল জানো, কেৱল কাম আৰু কাম ৷ অফিচৰ পৰা আহিও ফাইল, বন্ধু-বান্ধৱ আৰু অন্যান্য কাৰ্যসূচীয়ে কাঢ়ি লয় সন্দীপৰ সময়। নাইবা কণমানি সাগৰকলৈ হুলস্থূল লগাব... ‘লেখা, ওলোৱা আজি অমুকত পাৰ্টি, কাইলৈ হাজৰিকাৰ প্রমুশ্যনৰ বাবে পাৰ্টি ।' কিন্তু কিয় নকয়--‘লেখা তোমাৰ স’তে কটাব খোজো কিছু সময় ।' আচৰিত হয় সুলেখা, গান-কবিতা, আকাশ-চৰাই ভালপোৱা সেইটো সন্দীপেই কিমান সহজভাৱে চুক্তি কৰি লৈছে ব্যস্ত সময়ৰ স’তে। অথচ এদিন... এদিন এইটো সন্দীপৰ মাজেৰেই সুলেখাৰ জীৱনলৈ প্ৰেম আহিছিল সংগোপনে। এইটো সন্দীপেই জগাই তুলিছিল আকাশ চোৱাৰ তীব্ৰ হেঁপাহ। এইটো সন্দীপেই তাইক গাই শুনাইছিল--
‘সখীৰোদনো ভৰা এই বসন্ত
কখনো আসে নি বুঝি আসে
মোৰ বিৰহ বেদনা ৰাঙাল।’ (হেমন্ত মুখাৰ্জী)
সেই স্মৃতি আজিও জীয়াই আছে সুলেখাৰ। স্মৃতিৰো যে এক নিজস্ব দাবী আছে। সেইদিনা সুলেখাহঁতৰ ঘৰত আছিল ককাকৰ বছৰেকীয়া শ্ৰাদ্ধ। শ্ৰাদ্ধলৈ আহিছিল বেংকত চাকৰি কৰা ককায়েক সুজিতৰ সহকৰ্মীসকল। তাৰ মাজতে আছিল সন্দীপ দত্ত। সিহঁতৰ ঘৰলৈ অহা হৈছিল আৰু লাহে লাহে সন্দীপ আৰু সুলেখাৰ মাজত গঢ়ি উঠিছিল বন্ধুত্ব। তাৰপাছত প্রেম আৰু তাৰপাছত বিবাহ। কি সুখৰ অনুভূতি আছিল সেই দিনবোৰত। চিৰদিনৰ বাবে যেন বন্দী হৈছিল সুখৰ কাৰেংঘৰত। যাৰ বাবে মানুহৰ হাজাৰ স্বাধীনতাক কবৰ দিব পীৰে। কিন্তু এতিয়া সন্দীপ... সময়ৰ সলনিৰ লগে লগে সলনি হ'ব পাৰে নেকি মানুহৰ হৃদয়, মানুহ অনুভূতি ? ক’তা, তাইতো এতিয়াও সলনি হোৱা নাই। শিক্ষকতা, এখন সংসাৰ নিয়াৰিকৈ চলোৱাৰ ব্যস্ততাৰ মাজতো তাৰেই ফাঁকে ফাঁকে তাই আবেগেৰে জুখি চাব খোজে জোনাকক। এক হেৰুৱা অনামী বিষাদে মনটো ভাৰাক্ৰান্ত কৰি তুলিলে। ‘লেখা, আজি মই আঠ বজাতেই যাব লাগিব।’ পাছফালৰ পৰা দিয়া সন্দীপৰ মাতষাৰতহে সুলেখা স্বপ্নৰ শ্বু'টিঙৰ পৰা বাস্তৱলৈ সম্বিত ফিৰি আহে ।
এৰা, বহু দেৰিয়েই হ’ল, কেতিয়া যে ৰাতিপুৱাল তাই গমকে নাপালে। খৰধৰকৈ মুখ-হাত ধুই তাই পাকঘৰত সোমাল। ইতিমধ্যে সাতবজাৰ বাতৰিৰ বাবে কোলাত সাগৰকলৈ সন্দীপ টি.ভি'ৰ সন্মুখত বহিছিলহি। সুলেখাইও ৰুটি-তৰকাৰী আটাইৰে বাবে সজাই লৈ সন্দীপৰ কাষতে বহিলহি। টি.ভি. পৰ্দাত চকু থৈয়েই সন্দীপে খাবলৈ আৰম্ভ কৰিলে। তাইও এটুকুৰা মুখত ভৰাই লৈ টি.ভিৰ পৰ্দাত চকু দিলে আৰু লগে লগে তাই শিয়ৰি উঠিল। নাই, তাই আৰু নোৱাৰে খাঁব,ক'ৰবাত বোমা বিস্ফোবণ হৈছে। চাৰিওফালে সিচঁৰতি হৈ আছে.. তেজ, মাংসপিণ্ড আৰু .. আৰু তাৰ মাজতেই পৰি আছে শিশুৰ খণ্ডিত এটা মৃতদেহ। সাগৰৰ সমানেই হ’ব চাগৈ...।
সুলেখাৰ চকুহাল এক কৰুণতাই আৱৰি ধৰিলে। এই দৃশ্য চাই ইমান নিৰ্বিকাৰভাৱে সন্দীপে খাব পাৰিছে...? এখন বিৱৰ্ণ মূখ লৈ সুলেখা দৌৰ মাৰিলে বেচিনটোৰ ওচৰলৈ ৷ স্বাৰ্থৰ বাবে মানুহ ইমান তললৈ নামিব পাৰে ? মাৰণাস্ত্ৰ নিক্ষেপ কৰা সকলে কিয় এবাৰো নাভাৱে, মাৰণাস্ত্ৰই সৃষ্টি কৰিব পাৰে অন্নদাতা পিতৃক হেৰুৱাই হাজাৰটা শিশুৰ বেদনাসিক্ত কৰুণ উচুপনিৰ, অনাহাৰে থাকিব লাগিব এমা-ডিম্মা শিশুৰে,ভৰা সহস্ৰটা পৰিয়াল? তাইৰ চকুকেইটা পানীৰে উপচি পৰিল।
স্কুলৰপৰা আহি থাকোতে বাটতে খবৰটো পালে সুলেখাই । খবৰটো শুনি তাইৰ বুকুখনত যেন এটা হাঁতুৰীয়েহে কোৱালে ৷ ‘বেংক তিনিআলিত হেনো বোমা বিস্ফোৰণ হৈছে। আৰু সন্দীপ? সন্দীপটো তাতেই ।উহঃ তাই আৰু ভাৱিব নোৱাৰে। ঘৰৰ ফালে তাই উধাতুখাই দৌৰিবলে ধৰিলে । চিনাকি ৰাস্তাটোতে তাই কেইবাবাৰো উজুটিয়ালে। বুকুখন বৰ জোৰেৰে ঢপ্ঢপাবলৈ ধৰিলে । ‘মা’... গে'টখন খোলোতেই সাগৰ দৌৰি আহিল, পাছে পাছে মালতী বাই। চোতালৰ একাষে সন্দীপৰ বাইকখন দেখি মনলৈ অলপ শান্তি আহিল যদিও ধুমুহাৰ গতিৰে তাই বেডৰূমলৈ সোমাই গ'ল। সন্দীপক শুই থকা দেখা৷ পাই দীঘলকৈ এটা হুমুনিয়াহ ওলাই আহিল। কিন্তু পাছ মুহূৰ্ততে তাইৰ স্বাৰ্থপৰতা দেখি ধিক্কাৰ উপজিল৷ আজি তাইৰ সন্দীপ নহ’লেওতো আন কাৰোবাৰ সন্দীপ...। তাইৰ চকুহাল সেমেকি উঠিল। কিন্তু সন্দীপৰ চকুত যে ‘পানী’। লেখা, চৱ শেষ ৷ চানাৱালাটো, সৰু সৰু ল’ৰা-ছোৱালীকেইটামান চৱ ৷ তেজ আৰু তেজ ৷
সন্দীপৰ মাতটো কৰুণ আবেগত কঁপি উঠিল। লেখা... সেই দৃশ্য দেখাৰপৰা নোৱাৰিলো থাকিব। মন কিবা হৈ গ’ল। সন্দীপে অবুজ শিশুৰ দৰে মুখখন সুলেখাৰ বুকুত গুজি দিলে। মানুহে যেতিয়া যন্ত্ৰণাৰ পৰা হাত সাৰিব খোজে, তেতিয়াই কাষ চাপে প্ৰিয়জনৰ ওচৰত ৷ আজি বহুদিনৰ মূৰত সুলেখাই সন্দীপক ঘূৰাই পাইছে। নাৰীৰ বুকুত মমতাৰ সাগৰ থাকে। সুলেখাইও পৰম মমতাৰে সন্দীপক সাৱটি ধৰিলে সুলেখাৰ চকুত দুটোপাল চকুলো... ৷