New Assamese Heart Toching Quotes 2023 | Assamese Quotes

আজি আপোনালোকৰ মাজলৈ কেইটামান Assamese Heart Touching Quotes লৈ আহিছো । আমি ভাবিছো এই Assam Quotes সমূহ পঢ়ি ভাল পাব । বহুতে এনেধৰণৰ সুন্দৰ সুন্দৰ assamese quotes about life, অসমীয়া ষ্টেটাছ, love quotes in assamese, assamese shayari life, assamese quotes on smile, assamese sad shayari, emotional assamese quotes আদি বিচাৰি থাকে, যিবোৰ আমাৰ এই Website ত লাভ কৰিব ।

Assamese Heart Touching Quotes | Quotes in Assamese


১) বিপদৰ সময়ত সহায়ৰ বাবে মানুহ খুুব কম আহে, কিন্তু বদনাম কৰিবলৈ বেছিভাগেই সাজু থাকে, পিছে আনৰ পৰা নহয় নিজৰ চিনাকী যাক আপোন মানি লোৱা হয় সিহঁতে কৰে বদনামৰ আৰম্ভণি । 

Assamese Quotes



২) আমাৰ জীৱনটো বহুত সৰু সেইবাবে যিমান দিন জীয়াই থাকিব মানুহৰ লগত ভাল ব্যৱহাৰ কৰক কাৰণ আপুনি মৰাৰ পাছত মানুহজন ভাল আছিল নে বেয়া আছিল সেইটোহে হিচাপ কৰিব ।


Assamese Heart Touching Quotes


৩) ৰাস্তাত আমি যেনেকৈ উজুটি খোৱাৰ পিছতহে সাৱধানে খোজ কাঢ়িবলৈ ল'ও, ঠিক তেনেকৈ জীৱন বাটত উজুতি খোৱাৰ পিছতহে নিজক বুজিবলৈ ল'ও । 


assamese love quotes



৪) নিজৰ লগত ব্যস্ত থকাজনে কেতিয়াও আনৰ দুখ-কষ্ট উপলব্ধি কৰিব নোৱাৰে । 

Also Read :- 60+ Assamese Heart Toching Quotes


৫) পৃথিৱীত কাকো সহজে আপুনি বিশ্বাস কৰি নল'ব, কেৱল নিজৰ হাত-ভৰিক বিশ্বাস কৰিবলৈ শিকক । 

 

৬) আমাৰ এটা প্ৰধান সমস্যা হৈছে হাতত সময় আছে বুলি ধৰি থকাটো । সময় সোনকালে পাৰ হৈ যাব আৰু ইয়াৰ সুবিধা ল'ব পাৰিলে সফল বুলি জনা যায় । 


Also Read :- প্ৰেৰণামূলক বাণী


৭) জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক, জীৱনে সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকাই আৰু সময়ে জীৱনক মূল্য দিবলৈ শিকাই । 

 

৮) আপুনি নিজেই নকৰা বা কৰিব নোৱাৰা কামবোৰ আনক উপদেশ নিদিব । আপুনি প্ৰথমে কামটো কৰিবলৈ শিকি লওক আৰু তাৰ পিছত উপদেশ দিব । 

 

৯) আপোনাৰ যেতিয়া এটা সপোণ থাকে, সেইটো আপুনি ধৰি ৰাখিব লাগিব আৰু কেতিয়াও যাবলৈ দিব নালাগিব। 


১০) খঙতে যিকোনো কথা সেইজনক কোৱা হয়, যাক নিজতকৈ বেছি ভালপোৱা যায় । 


১১) এই জীৱনত কেৱল এটা সুখ আছে, প্ৰেম আৰু প্ৰেম কৰা । 


১২) আপুনি ক'ৰ পৰা আহিছিল সেইটো নহয় । এতিয়া আপুনি যলৈ গৈ আছে সেইটো গণনা কৰক । 


১৩) আমি এই সুন্দৰ জীৱনটোত যি বিচাৰো সেইয়াই জীৱন নহয়, আচলতে সেইয়াই জীৱন যি আমাৰ লগত হৈ আছে । 

 

১৪) যিজনে ঠগ খাই সেইজনে কান্দে ! আৰু যিজনে ঠগাই সেইজনো কান্দিব পাৰ্থক্য মাথোঁ দুদিনমান আগ পিছৰ । 

 

১৫) জীৱনে যি দিছে সেয়াই মোৰ ভাগ্যৰ লিখনি বুলি মানি আগুৱাই গৈছো । ক'ৰবাত যদি উজুতি খাইছো, ক'ৰবাত আকৌ কোনো অসুবিধা নোহোৱাকৈ পাৰ হৈ গৈছো । 


১৬) ক'বলৈহে ভাল টকা-পইচাই সকলো নহয় বুলি , কিন্তু জীৱনত টকা নাথাকিলে গ'ম পোৱা যায় জীৱনটো কিমান জটিল ! 


১৭) জীৱনৰ প্ৰায়বোৰ শিক্ষা কিতাপৰ পৰা নহয় কষ্টৰ পৰা শিকিছোঁ । আৰু সেই কষ্টৰ মাজত মোক হাঁহি থাকিবলৈ শিকাইছে সময়ে। 


১৮) মাজে সময়ে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে, তেওঁলোক বিশ্বাস আৰু ভালপোৱাৰ যোগ্য নহয় । 



১৯) মানুহৰ জীৱটোত হাজাৰ নিৰাশাৰ মাজতো শেষ হৈ নাযায় কিছুমান আশা আৰু এই আশাবোৰেই মানুহক দিয়ে জীয়াই থকাৰ প্ৰেৰণা । 


২০) নিজৰ ওপৰত বিশ্বাস ৰাখা... এনেকুৱা এটা দিন আহিব য'ত তোমাক অৱহেলা কৰা মানুহবোৰেই তোমাক আকৌ বিচাৰি আহিব । 

  

২১) সময় সলনি হয়, সলনি হয় মানুহৰ মন... কোনোবাই স্বাৰ্থৰ বাবে দূৰলৈ আতৰি যায়; আৰু কোনোৱে প্ৰেমৰ বাবে উভতি চাই, কোনোৱে অতীতক সোঁৱৰি ৰাতি ৰাতি কান্দে আৰু কোনোৱে অতীতক পাহৰি নতুনকৈ সপোণ দেখে... কোনোৱে সঁচা কথা কয়, কোনোৱে মিছা কথা কয়, আৰু কোনোৱে কৰে অভিনয়... এয়াই হ'ল জীৱন । 


২২) আচলতে হাঁহিবোৰৰ আঁৰত কিমান দুখ, কষ্ট লুকাই থাকে সেয়া সকলোৱে অনুভৱ কৰিব নোৱাৰে । 


২৩) শূণ্যতাবোৰ এদিন পূৰ হ'ব ঠিকেই, কিন্তু সেই শূণ্যতা দি যোৱা জন কেতিয়াও ঘূৰি নাহে । 

 

২৪) অভিমানৰ অবিহনে ভালপোৱা অসম্পূৰ্ণ, কিন্তু অভিমানখিনিৰ গভীৰতা সিমানখিনি হোৱাটো উচিত, যিমানখিনি অভিমানত মই তোমাক মনাই ল'ব পাৰোঁ । 

 

২৫) জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিবা, কাৰণ তুমি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই একো শিকিবও নোৱাৰিব ওলোতাই সন্মানহে যাব ।

Post a Comment

Fcbbcvv

Previous Post Next Post